ETV Bharat / bharat

অনলাইন শিক্ষাত ক্ষতি কৰিছে চাইবাৰ অপৰাধীয়ে - Online Class

অনলাইন শ্ৰেণী চলি থকা সময়ত কেইবাবাৰো হেকাৰে লাইভ ফিড হেক কৰিব পাৰে ৷ যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অশ্লীল ভিডিঅ’, ভূতৰ চিনেমা, অশ্লীল গ্ৰাফিক্স আদি অট’মেটিক ডাউনলোড হ’ব পাৰে ৷ এই সন্দৰ্ভত ইতিমধ্যে দেশৰ আগশাৰীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷

Online classes hit by cyber hackers etv bharat news

author img

By

Published : Aug 4, 2020, 11:47 PM IST

হাইদৰাবাদ,4 আগষ্ট: দেশত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ ইয়াৰ বাবে আজিকোপতি বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান ৷ শিক্ষা ব্যৱস্থাত ব্যাঘাত নোহোৱাৰ উদ্দেশ্য প্ৰৱৰ্তন কৰা হৈছে অনলাইন শিক্ষা ৷ যাৰ দ্বাৰা কৰ’ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে চলাই নিয়াৰ প্ৰয়াস কৰা হৈছিল শিক্ষা ব্যৱস্থা ৷ পিছে এই অনলাইন শিক্ষাৰ সুফল আৰু কুফল দুয়োটাই আছে ৷ চাইবাৰ অপৰাধীৰ বাবে অপৰাধৰ ৰম্যভূমি হৈ পৰিছে এই অনলাইন শিক্ষা ৷ চাইবাৰ অপৰাধীয়ে শ্ৰেণীকোঠাত এক যন্ত্ৰ সংস্থাপন কৰি সহজে হেক কৰিব পাৰে অনলাইন শিক্ষাৰ লগত জড়িত সকলো কৌশল ৷ লগতে ক্ষতি কৰিব পাৰে অনলাইন শিক্ষা ব্যৱস্থা ৷

শিক্ষাৰ্থীক অনলাইন শিক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয় ইণ্টাৰনেট এপ্লিকেশ্যন ৷ যি প্ৰযুক্তি শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰা স্মাৰ্টফোন,লেপটপ আৰু টেবলেট আদিত উপলব্ধ থাকে ৷ যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে অনলাইন শ্ৰেণীত অংশগ্ৰহণ কৰিব পাৰে ৷ অনলাইন শিক্ষা আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে ক্ৰমান্বয়ে অচিনাক্ত চক্ৰৰ পৰা ভয়-ভাবুকি লাভ কৰিবলৈ ধৰিছে ৷ অনলাইন শ্ৰেণী চলি থকা সময়ত কেইবাবাৰো হেকাৰে লাইভ ফিড হেক কৰিব পাৰে ৷ যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অশ্লীল ভিডিঅ’, ভূতৰ চিনেমা, অশ্লীল গ্ৰাফিক্স আদি অট’মেটিক ডাউনলোড হ’ব পাৰে ৷ এই সন্দৰ্ভত ইতিমধ্যে দেশৰ আগশাৰীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷ একাংশ হেকাৰে বিদ্যালয়ৰ চাৰ্ভাৰ পৰ্যন্ত হেক কৰি ডাটা চুৰি কৰা কামত লিপ্ত হৈছে ৷ মাত্ৰ এয়াই নহয় হেকাৰে ডাটা পুনৰ মুকলি কৰি দিয়াৰ নামত ধনদাবী কৰা ঘটনাও সংঘটিত হৈছে ৷ এনেবোৰ অপৰাধজনিত ঘটনা বৃদ্ধিৰ ফলতে বিৰূপ প্ৰভাৱ পৰিছে অনলাইন শিক্ষাত ৷

লগতে চাওকঃ সজাগ হওঁকঃ চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযোগ দাখিল কৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.