ETV Bharat / bharat

পিয়াজৰ আকাশলংঘী মূল্য হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Oct 22, 2020, 9:15 AM IST

Updated : Oct 22, 2020, 9:33 AM IST

পিয়াজৰ আকাশলংঘী মূল্য নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰা হৈছে ইয়াৰ ৰপ্তানি ৷ পূৰ্বৰ পণ্যাগাৰৰ পৰা যোগান ধৰা হৈছে পিয়াজ ৷ কেন্দ্ৰীয় চৰকাৰে আমদানীৰ ক্ষেত্ৰত থকা বিভিন্ন নিৰ্দেশাৱলীও শিথিল কৰিছে ৷ এই পদক্ষেপৰ জৰিয়তে পিয়াজৰ দাম হ্ৰাস পোৱাৰ লগতে সহজে উপলভ্য হ'ব ৷

কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ সিদ্ধান্ত গ্ৰহণ
পিয়াজৰ আকাশলংঘী মূল্য

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ : পিয়াজৰ আকাশলংঘী মূল্যই উপভোক্তাক শলঠেকত পেলাইছে ৷ সেয়েহে কেন্দ্ৰীয় গ্ৰাহক উপভোক্তা সেৱাই খাদ্যৰ বিতৰণ মন্ত্ৰণালয়ৰ সৈতে গ্ৰাহকক সকাহ দিয়াৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

পিয়াজৰ আকাশলংঘী দাম নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰা হৈছে ইয়াৰ ৰপ্তানি ৷ পূৰ্বৰ পণ্যাগাৰৰ পৰা যোগান ধৰা হৈছে পিয়াজ ৷ কেন্দ্ৰীয় চৰকাৰে আমদানীৰ ক্ষেত্ৰত থকা বিভিন্ন নিৰ্দেশাৱলীও শিথিল কৰিছে ৷ এই পদক্ষেপৰ জৰিয়তে পিয়াজৰ দাম হ্ৰাস পোৱাৰ লগতে সহজে উপলভ্য হ'ব ৷

দিল্লীত প্ৰতি কিল'গ্ৰাম পিয়াজৰ মূল্য 50 টকা হোৱাৰ বিপৰীতে মুম্বাইত 67 টকা, কলকাতাত 65 টকা হৈছেগৈ ৷ আনহাতে,চেন্নাইত পিয়াজৰ মূল্য হৈছে 74 টকা ৷ দক্ষিণ আৰু পশ্চিম ভাৰতত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ বাবেও ইয়াৰ যোগানত বাধাৰ সৃষ্টি হৈছে ৷

দেশৰ ভিতৰত সৰ্বাধিক পিয়াজ মহাৰাষ্ট্ৰতে উৎপাদন হয় যদিও নাছিকত পিয়াজৰ মূল্য বৃদ্ধি পাইছে প্ৰতি কিল'গ্ৰামত 66 টকালৈ ৷ দক্ষিণ আৰু পশ্চিম ভাৰতত অধিক বৰষুণ হোৱা বাবে খৰিফ শস্যত বাৰুকৈয়ে প্ৰভাৱ পৰিছে ৷ পিয়াজৰ এই মূল্যবৃদ্ধি হ্ৰাসৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

আনহাতে, পিয়াজ অধিক উৎপাদন হোৱা অঞ্চলসমূহত বৰষুণৰ পৰিমাণ অধিক হোৱা বাবে বৃদ্ধি পাইছে মূল্য ৷

লগতে পঢ়ক : ইটিভিৰ বাতৰিৰ প্ৰভাৱ: পৰিয়ালৰ সৈতে মিলিত হন্সী প্ৰহৰী

Last Updated : Oct 22, 2020, 9:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.