ETV Bharat / bharat

অনুচ্ছেদ 370 কৰ্তনঃ হাইস্পীড ইন্টাৰনেট সেৱাৰ অপেক্ষাত এবছৰ অতিক্ৰম জম্বু-কাশ্মীৰবাসী

author img

By

Published : Aug 3, 2020, 7:55 PM IST

বিগত বৰ্ষত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 আৰু 35 (A) ধাৰা বাতিল কৰাৰ পিচত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জম্বু-কাশ্মীৰত ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল চৰকাৰে ৷ 7 মাহৰ অন্তত যেতিয়া চৰকাৰে 2G ইন্টাৰনেট সেৱা মুকলি কৰিছিল তেতিয়া চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, অনতিপলমে হাইস্পীড ইন্টাৰনেট সেৱা আৰম্ভ কৰা হ'ব ৷ কিন্তু 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিচতো হাইস্পীড ইন্টাৰনেট সেৱা মুকলি নকৰাত এতিয়া বিভিন্ন প্ৰশ্নৰ উখাপন হৈছে ৷

One year on, wait for high-speed 4G internet continues in Jammu and Kashmir
অনুচ্ছেদ 370 কৰ্তনঃ হাইস্পীড ইন্টাৰনেট সেৱাৰ অপেক্ষাত এবছৰ অতিক্ৰম জম্বু-কাশ্মীৰবাসী

নিউজ ডেস্ক, 3 আগষ্ট : বিগত বৰ্ষত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 আৰু 35 (A) ধাৰা বাতিল কৰাৰ পিচত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জম্বু-কাশ্মীৰত লক ডাউন ঘোষণা কৰিছিল ৷ চৰকাৰে অনুচ্ছেদ বাতিল কৰি জম্বু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰ পিচত উক্ত অঞ্চলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে লক্ ডাউন আৰু ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল চৰকাৰে ৷

পৰৱৰ্তী সময়ত সম্পূৰ্ণ 7 মাহৰ পিচত ইন্টাৰনেট সেৱা মুকলি কৰিছিল যদিও সেয়া কেৱল 2G ইন্টাৰনেট সেৱা মুকলি কৰিছিল প্ৰশাসনে ৷ কিন্তু বিগত 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিচতো হাইস্পীড ইন্টাৰনেট সেৱা আৰম্ভ কৰা হোৱা নাই জম্বু-কাশ্মীৰত ৷ যাৰবাবে উক্ত অঞ্চলৰ ছাত্ৰ, সাংবাদিক, ব্যবসায়ী, বিদেশী উদ্যোগ তথা অন্য লোক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ৷

আনহাতে, অভিযোগ অনুসৰি, 7 মাহৰ অন্তত যেতিয়া চৰকাৰে 2G ইন্টাৰনেট সেৱা মুকলি কৰিছিল তেতিয়া চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, অনতিপলমে হাইস্পীড ইন্টাৰনেট সেৱা আৰম্ভ কৰা হ'ব ৷ যাৰবাবে ৰাষ্ট্ৰীয় মিডিয়া সংগঠনৰ বাবে কাম কৰা সাংবাদিক ৱাচিম নবীয়ে এই ক্ষেত্ৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

তেখেতে উল্লেখ কৰিছে যে, ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ বাবে শিক্ষা ক্ষেত্ৰত শিক্ষাৰ্থী সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ৷ ক'ভিড-19 ৰ বাবে সকলো শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে যদিও জম্বু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰী সকলে এই শিক্ষাৰ পৰা বিৰতত থাকিব লগা হৈছে ৷ তথ্য অনুসৰি, জম্বু-কাশ্মীৰত 1.5 মিলিয়ন শিক্ষাৰ্থী ব্যক্তিগত তথা চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ণ কৰি আছে ৷ ইন্টাৰনেট কৰ্তন কৰাৰ বাবে শিক্ষাৰ্থী সকলৰ লগতে শিক্ষানুষ্ঠান সমূহতো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে সাংবাদিক গৰাকীয়ে ৷ বৰ্তমান শিক্ষাৰ এক অন্যতম মাধ্যম হৈছে ইন্টাৰনেট কিন্তু বিগত 1 বছৰৰ পৰা জম্বু-কাশ্মীৰত ইন্টাৰনেট সেৱা কৰ্তন কৰাটো তেওঁ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ আনহাতে, ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰিব নোৱাৰা বুলি উল্লেখ কৰিলে সাংবাদিক গৰাকীয়ে ৷

ইফালে, জম্বু-কাশ্মীৰৰ শিক্ষানুষ্ঠান সমূহ বিগত 1 বছৰৰ পৰা বন্ধ হৈ থকা বুলি উল্লেখ কৰিছে ৷ 2019 চনৰ 5 আগষ্টৰ পিচত সকলোতকৈ নেতিবাচক প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰত পৰা বুলি উল্লেখ কৰিছে ৷ একেদৰে হাইস্পীড ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ পিচত জম্বু-কাশ্মীৰৰ অৰ্থ ব্যবস্থাও ক্ষতিগ্ৰস্থ হোৱা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উক্ত অঞ্চলত হাইস্পীড ইন্টাৰনেট সেৱা আৰম্ভ কৰিবৰ বাবে এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ পোষকতা আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক : ৰাখী বন্ধনঃ চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে বিতৰণ কৰিব 14 লাখ মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.