ETV Bharat / bharat

কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনক কেন্দ্ৰ কৰি সংঘাটঃ নিহত এজন যুৱক

কোৱাৰাণ্টাইন কেন্দ্ৰ খোলা সন্দৰ্ভত দুটা ফৈদৰ মাজত হোৱা এক সংঘৰ্ষত এজন যুৱক নিহত হোৱাৰ লগতে এজন আহত হয় পশ্চিম বংগত । শনিবাৰে পশ্চিম বংগৰ বীৰভূম জিলাৰ পাৰুই এলেকাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা ।

author img

By

Published : Apr 5, 2020, 1:51 PM IST

One killed in clash over opening quarantine centre in Bengal

নেশ্যনেল ডেস্ক, 5 এপ্ৰিলঃ শনিবাৰে পশ্চিম বংগৰ বীৰভূম জিলাত কোভিড-19ৰ বাবে কোৱাৰাণ্টাইন কেন্দ্ৰ খোলা সন্দৰ্ভত দুটা ফৈদৰ মাজত হোৱা এক সংঘৰ্ষত, এজন যুৱক নিহত হোৱাৰ লগতে এজন আহত হোৱা বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ মতে, চৰকাৰী বিষয়াসকলৰ এটা দলে পাৰুই এলেকাৰ এখন গাঁৱত কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ পৰ্যালোচনা কৰি গুছি যোৱাৰ পিচত, এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ ফলত দুই ফৈদ সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হয় । য'ত গুলী আৰু বাৰুদ নিৰ্বিচাৰে নিক্ষেপ কৰা হৈছিল ।

ইয়াৰ ফলত গুলীবিদ্ধ হৈ যুৱক এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক গুলীচালনাত আহত হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত আৰক্ষীৰ এক বৃহৎ বাহিনীৰ লোক মোতায়েন কৰা হয় ঘটনাস্থলীত ।

লগতে পঢ়কঃ দেশবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.