নিউজ ডেস্ক, 26 মে': চেন্নাইৰ পৰা কইম্বাটোৰলৈ ইণ্ডিগ' 6E 381 বিমানেৰে যাত্ৰা কৰা এগৰাকী 24 বছৰীয়া যাত্ৰীৰ দেহত পোৱা গ'ল COVID-19 । নিশা 8 বজাত কইম্বাটোৰ বিমান বন্দৰত বিমানখন উপস্থিত হোৱাৰ পাচতে সকলো যাত্ৰীকে বাধ্যতামূলক স্কীনিং আৰু স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । তাতেই এই যাত্ৰীগৰাকীৰ দেহত ধৰা পৰে COVID-19 ।
তাৰ পাচতেই ৰোগী গৰাকীক ESI হাস্পতাললৈ নিয়া হয় চিকিৎসাৰ বাবে ।
সম্পূৰ্ণ দুমাহ পাচত সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে ঘৰুৱা বিমান সেৱা । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে দিয়া লক ডাউনৰ বাবে বিমান সেৱা বন্ধ হৈ আছিল ।
প্ৰথমটো দিনত মুঠ 532 খন ঘৰুৱা বিমান বিমান চলে । কেৱল পশ্চিমবংগত এই সেৱা আৰম্ভ কৰা হোৱা নাই ।