ETV Bharat / bharat

বাঘজানৰ তৈলখাদ সন্দৰ্ভত দিল্লীত পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত উচ্চস্তৰীয় কমিটি

author img

By

Published : Jun 12, 2020, 3:06 PM IST

তিনিচুকীয়াৰ বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত দিল্লীত পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে গঠন কৰে এখন তিনিজনীয় সদস্যৰ উচ্চস্তৰীয় কমিটি । এই কমিটিখনে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি এমাহৰ অন্তত পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ সন্মুখত তথ্য দাঙি ধৰিব লাগিব বুলিও সদৰি কৰে ।

বাঘজানৰ তৈলখাদ
বাঘজানৰ তৈলখাদ সন্দৰ্ভত দিল্লীত পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত উচ্চস্তৰীয় কমিটি

নিউজ ডেস্ক, ১২ জুনঃ অসমৰ বাঘজান তৈলখাদত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা ২ জনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ মৃত্যু আৰু গুৰুতৰভাৱে আঘাট প্ৰাপ্ত ব্যক্তিজনৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে দিল্লীত গঠন কৰা হয় এখন উচ্চস্তৰীয় কমিটি ।

মন্ত্ৰণালয়ৰ আদেশত হাইড্ৰ'কাৰ্বনৰ সঞ্চালক প্ৰধান এছচিএল দাসৰ নেত্বত্বত গঠন কৰা হয় এই কমিটিখন । মন্ত্ৰণালয়ৰ আদেশত উল্লেখ কৰা হৈছে যে, এই কিমিটিখনে প্ৰট'কল আৰু প্ৰক্ৰিয়াৰ ভিত্তিত সমস্ত ঘটনা পৰীক্ষণ কৰা হ'ব । তাৰোপৰি এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবেও কোনো দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰিব। তাৰোপৰি অএনজিচি পূৰ্বৰ অধ্যক্ষ বি চি বোৰা আৰু অনজিচিৰ পূৰ্বৰ নিৰ্দেশক টি কে সেনগুপ্তা জড়িত থকা কমিটিখনে এক মাহৰ ভিতৰত সকলো তথ্য় দাঙি ধৰিব লাগিব বুলিও মন্ত্ৰণালয়ে নিৰ্দেশ প্ৰদান কৰে । বিগত ১০ জুনত মন্ত্ৰণালয়ে বিশেষজ্ঞৰ নিৰ্দেশ মানি সকলো সুৰক্ষা সম্বন্ধীয় সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থাৰ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য যে, বিগত 27 মে'ত তিনিচুকীয়াৰ বাঘজানত থকা "BGR-5" নম্বৰৰ তৈলখাদত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । বিস্ফোৰিত তৈলখাদটোৰ পৰা অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিততে ৮ জুনত তৈলখাদটোত অগ্নিকাণ্ড সংঘটিত হয় ।

লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.