নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : Covid-19 আক্ৰান্তৰ বাবে দুখনীয়া বিচনাযুক্ত কোৱাৰান্টাইন তম্বু প্ৰস্তুত কৰি উলিয়াইছে Ordnance Factory Board (OFB) এ ৷ এই তম্বুত স্ক্ৰীনিং, আইচ'লেছন আৰু কোৱাৰান্টাইনৰ সুবিধা প্ৰদান কৰা হ'ব ৷
ইতিমধ্যেই অৰুণাচল প্ৰদেশলৈ এনেধৰণৰ 50 টা তম্বু প্ৰেৰণ কৰা হৈছে ৷ দুখনীয়া বিচনাযুক্ত এই তম্বুত সকলো ধৰণৰ চিকিৎসা সামগ্ৰীও উপলব্ধ হ'ব ৷
প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, ভাৰতত কৰ'ণা ভাইৰাছ প্ৰতিৰোধত OFB য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷
9.55 বৰ্গ মিটাৰৰ এই তম্বু পানী প্ৰতিৰোধ কৰা ফেব্ৰিক, ষ্টিল আৰু এলুমিনিয়াম মিশ্ৰিত ধাতুৰে নিৰ্মাণ কৰা হৈছে ৷ এই তম্বুসমূহ যিকোনো স্থান আৰু অঞ্চলতে স্থাপন কৰিব পৰা লগতে অতি কম সময়ৰ ভিতৰতে গতানুগতিক হাস্পতালসমূহৰ তুলনাত অধিক অতিৰিক্ত সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ'ব ৷