ETV Bharat / bharat

কৰ'ণাৰ পৰা পৰিত্ৰাণ বিচাৰি উড়িশাত নৰ বলি পূজাৰীৰ

author img

By

Published : May 29, 2020, 11:56 AM IST

আৰক্ষীয়ে জনোৱা অনুসৰি, মন্দিৰৰ পূজাৰী আৰু সৰোজ প্ৰধানৰ মাজত 'ত্যাগ'ক কেন্দ্ৰ কৰিয়েই বাকবিতণ্ডা হয় । এই বাকবিতণ্ডাই পৰৱৰ্তী সময়ত গম্ভীৰ ৰূপ লোৱাত অভিযুক্ত সংসাৰী ওজাই সৰোজ প্ৰধানক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে । আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত পূজাৰীজনে স্থানীয় আৰক্ষী চকীত আত্মসমৰ্পন কৰে ।

Odisha Septuagenarian priest kills man to end COVID 19 pandemic
উৰিষ্যাত কৰ'ণা মহামাৰী ৰোধৰ বাবে মানুহ বলি দি ভগৱানলৈ উৎসৰ্গা পুজাৰীৰ

নেশ্যনেল ডেক্স, 29 মেঃ উড়িশাৰ নৰসিংহপুৰত সংঘটিত হৈছে নৃসংশ হত্যাকাণ্ড । ছুট্টাক জিলাৰ নৰসিংহপুৰত 50 বৰ্ষীয় এগৰাকী ব্যক্তিক ভগৱানৰ নামত বলি দিয়ে মন্দিৰৰ পূজাৰীয়ে । আৰক্ষীয়ে জনায় যে, সংসাৰী ওজা নামৰ 73 বৰ্ষীয় অভিযুক্ত পূজাৰীজনে সৰোজ প্ৰধান নামৰ ব্যক্তিগৰাকীক বন্ধহুদা নামৰ গাঁওখনৰ এটি মন্দিৰৰ ভিতৰত ডিঙি কাটি হত্যা কৰে ।

উৰিষ্যাৰ নৰসিংহপুৰত নৃসংশ হত্যাকাণ্ড

হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্মতি জনাই অভিযুক্ত পূজাৰী গৰাকীয়ে কয় যে, কোভিড-19 মহামাৰী ৰোধৰ বাবে তেখেতে ভগৱানৰ নিৰ্দেশতে মানুহ উৎসৰ্গা কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, মন্দিৰৰ পূজাৰী আৰু সৰোজ প্ৰধানৰ মাজত 'ত্যাগ'ক কেন্দ্ৰ কৰিয়েই বাকবিতণ্ডা হয় । এই বাকবিতণ্ডাই পৰৱৰ্তী সময়ত গম্ভীৰ ৰূপ লোৱাত অভিযুক্ত সংসাৰী ওজাই সৰোজ প্ৰধানক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে । আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত পূজাৰীজনে স্থানীয় আৰক্ষী চকীত আত্মসমৰ্পন কৰে । অভিযুক্তৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ইয়াৰ উপৰিও ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

এইপৰ্যন্ত আৰক্ষীয়ে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু স্থানীয় লোকে জনোৱা অনুসৰি অভিযুক্ত সংসাৰী ওজাৰ বহু দিনৰে পৰা সৰোজ প্ৰধানৰ সৈতে গাঁৱৰ এখন আমৰ বাগিচাক কেন্দ্ৰ কৰিয়েই সংঘাতৰ সৃষ্টি হৈ আহিছিল । এই সংঘাতৰ পৰিণতি স্বৰূপেই তেখেতে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ ।

লগতে পঢ়ক-"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.