ETV Bharat / bharat

নিয়ন্ত্ৰণ হেৰুৱাই 24 কিলোমিটাৰ বিপৰীত দিশত চলিল এখন মালবাহী ৰেল - প্ৰায় 24 কিলোমিটাৰ বিপৰীত দিশত

উৰিষ্যাৰ সুন্দৰগড় জিলাৰ বিমালাগাদাত দুৰ্ঘটনাত প্ৰতিত হৈছে এখন মালবাহী ৰে'ল ৷ জানিব পৰা মতে, ৰেলখনে মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 24 কিলোমিটাৰ বিপৰীত দিশত চলি যায় ৷

odisha-goods-train-runs-reverse-for-24-kms
নিয়ন্ত্ৰণ হেৰুৱাই 24 কিলোমিটাৰ বিপৰীত দিশত চলিল এখন মালবাহী ৰেল
author img

By

Published : Dec 23, 2020, 1:29 PM IST

Updated : Dec 23, 2020, 1:39 PM IST

নিউজ ডেস্ক, 23 ডিচেন্বৰ : উৰিষ্যাৰ সুন্দৰগড় জিলাৰ বিমালাগাদা ৰেলৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত প্ৰতিত হৈছে এখন মালবাহী ৰে'ল ৷ জানিব পৰা মতে,ৰেলখনে মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 24 কিলোমিটাৰ বিপৰীত দিশত চলি যায় ৷

ঘটনা বিৱৰণ অনুসৰি বৰাচুনাৰ পৰা ৰাওখেলাৰ অভিমুখী এই ৰেল খন প্ৰায় 110 কিলোমিটাৰ বেগত আহিছিল ৷ সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাইছিল ৰেলখনে ৷ যাৰ ফলস্বৰূপে নিয়ন্ত্ৰণৰ বাহিৰত গৈ 24 কিলোমিটাৰ বিপৰীত দিশত চলি গৈছিল ৰেলখন ৷ইয়াৰ পিচতে ষ্টেচনটোৰ সমীপত চালকজনে ব্ৰেক প্ৰয়োগ কৰাত ৰেলখনৰ 4 টা ডবা লাইনৰ পৰা খহি পৰে ৷

উল্লেখ্য যে, এই দুৰ্ঘটনাত এজন ৰেলৱে কৰ্মচাৰী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল

Last Updated : Dec 23, 2020, 1:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.