নিউজ ডেক্স,26জুনঃ অভিনয়ৰ পৰা পোনে পোনে সদনৰ মজিয়া পালেগৈ মিমি৷ প্ৰথমদিনা সদনৰ মজিয়াৰ অভিজ্ঞতা খুবেই ভাল বুলি সাংবাদিকৰ আগত কলে মিমিয়ে ৷ আনকি সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত মিমিক যথেষ্ট উৎফুল্লিত দেখা গৈছিল ৷ বগা সাজ পিন্ধি শপত লোৱা মিমিক সদনৰ মজিয়াত যথেষ্ঠ আৰ্কষণীয় দেখা গৈছিল ৷ অহা দিন সমূহত সদনত নিজৰ সমষ্টিৰ সমস্যৰ বিষয়েও অৱগত কৰিব বুলি কয় মিমিয়ে ৷ ছবি আৰু ৰাজনীতিৰ মাজত থকা সাদৃশ্য উল্লেখ কৰি মিমিয়ে কয় যে, দুইখন জগততে তেঁওলোকে মানুহৰ বাবে কাম কৰি যায় ৷
পিচে সাংবাদিকৰে হোৱা কথা-বৰ্তাৰ সময়ত যথেষ্ট ঠেলা-হেঁচা হোৱাত কিছু ক্ষোভিত হৈ পৰে মিমি আৰু নুৰসত জাহা ৷ উল্লেখ্য যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতেই বিয়াত বহিছিল আন এগৰাকী তৃণমুল সাংসদ নুৰসত জাহা ৷ নুৰসতৰ বিয়াত উপস্থিত আছিল মিমিও ৷ যাৰবাবে দুয়োগৰাকী সাংসদে যোৱাকালিহে শপত বাক্য পাঠ কৰে ৷ ন-বোৱাৰী নুৰসতে শিৰত সেন্দুৰ লৈ ভাৰতীয় শাৰী পিন্ধি বাংলা ভাষাতে শপত বাক্য পাঠ কৰে ৷
উল্লেখ্য যে, বাংলা ছবি জগতৰ মোহময়ী অভিনেত্ৰী মিমি চক্ৰৱৰ্তী আৰু নুৰসত জাহা পশ্চিম বংগৰ ক্ৰমে বসীৰহাট আৰু যাদৱপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে তৃণমুল কংগ্ৰেছৰ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷