নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰ : ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ (NSG) মুম্বাই শাখাই শিৰদি ছাইবাবা মন্দিৰৰ কাষত মকড্ৰিলৰ আয়োজন কৰে ৷ মন্দিৰৰ ওচৰত থকা এখন হোটেলত এই মকড্ৰিলৰ আয়োজন কৰা হয় ৷ সৰ্বমুঠ 40 গৰাকী কমাণ্ডোৱে এক ঘন্টাৰ বাবে এই মকড্ৰিলত অংশগ্ৰহণ কৰে ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে কমাণ্ডোসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই মকড্ৰিল আয়োজন কৰা হৈছিল ৷

মকড্ৰিলত কমাণ্ডোসকলে বিভিন্ন অ'পাৰেশ্যনৰ কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা হোটেল এখনক সুৰক্ষিত কৰাৰ লগতে সম্ভাৱ্য অন্যান্য বিপদৰ পৰা মুক্ত কৰাৰ বিভিন্ন কৌশলৰ অনুশীলন কৰে ৷