নিউজ ডেস্ক, 23 ডিচেম্বৰ : বহু দীঘলীয়া আৰু বিতৰ্কিত নাগা শান্তি চুক্তিলৈ কিছু আশাৰ সঞ্চাৰ দেখিবলৈ পোৱা গৈছে ৷ নগাসকলৰ অন্যতম বিদ্ৰোহী সংগঠন এনএছচিএনৰ খাপলাং গোটৰ মুৰব্বী নিকী চুমীয়ে বুধবাৰে শান্তি চুক্তিত বহিবলৈ যুদ্ধবিৰতি ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি চুমীয়ে এই ঘোষণা কৰে ৷
2001ত এনএছচিএনৰ খাপলাং গোটে যুদ্ধবিৰতি স্বাক্ষৰ কৰিছিল যদিও 2015ত ইয়াক সেইসময়ৰ অধ্যক্ষ এছএছ খাপলাং জীয়াই থকাৰ সময়তে ভংগও কৰিছিল ৷ 2015ত মনিপুৰৰ চান্দেলত ভাৰতীয় সেনাৰ বিহাৰ আৰু ডোগ্ৰা ৰেজিমেন্টৰ ওপৰত সংঘটিত কৰা এম্বুশ্বৰ মুল অপৰাধী আছিল নিকী চুমী ৷ সেই এম্বুশ্বত ভাৰতীয় সেনাৰ 18 গৰাকী নিৰস্ত্ৰ জোৱান শ্বহীদ হৈছিল ৷ ইয়াৰ পিচতেই চুমীৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাুই 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷
এক বিজ্ঞপ্তিত বিগত সময়চোৱাত সংগঠনটোৱে শান্তিৰ লগতে নাগা শান্তি প্ৰক্ৰিয়াৰ এক স্থায়ী সমাধান কাম্য কৰি যুদ্ধবিৰতি স্বাক্ষৰ কৰা বুলি ঘোষণা কৰে চুমীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিভিন্ন নীতি আৰু কাৰ্যপন্থাৰ বিষয়ে সংগঠনটো জ্ঞাত বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে ৷ আৰু আজি এইদৰে 2015ত উলংঘণ কৰা যুদ্ধবিৰতিলৈ পুনৰ ঘুৰি অহা বুলি ঘোষণা কৰে চুমীয়ে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ম্যানমাৰত সক্ৰিয় হৈ থকা ভাৰতীয় মুলৰ সংগঠনৰ নেতা আৰু বিষয়াৰ শেষৰজন হৈছে নিকী চুমী যিয়ে আজি যুদ্ধবিৰতিলৈ আহিছে ৷
লগতে পঢ়ক : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থলসেনা প্ৰধান জেন. নাৰাৱানে