ETV Bharat / bharat

জম্মু-কাশ্মীৰবাসীৰ কাষত থিয় দিলে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

370 ধাৰা প্ৰত্যাহাৰৰ পিছত ৰাজ্যখনত জাৰি কৰা হয় 144 ধাৰা ফলত ৰাজ্যখনত মোতায়ন কৰা হৈছে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী ৷ ৰাজ্যখনৰ স্থানীয় ৰাইজ আৰু নিৰাপত্তাৰক্ষীৰ স'তে মত বিনিময় কৰে ডোভালে ৷

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
author img

By

Published : Aug 8, 2019, 11:36 AM IST

নিউজ ডেস্ক, 8 আগষ্টঃ মঙলবাৰে জম্মু-কাশ্মীৰবাসীৰ কাষত থিয় দিলে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল ৷ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ ল'বৰ বাবে ৰাজ্যখনত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী ৷ 370 ধাৰা প্ৰত্যাহাৰৰ পিছত ৰাজ্যখনত জাৰি কৰা হয় 144 ধাৰা ফলত ৰাজ্যখনত মোতায়ন কৰা হৈছে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী ৷ ৰাজ্যখনৰ স্থানীয় ৰাইজ আৰু নিৰাপত্তাৰক্ষীৰ স'তে মত বিনিময় কৰে ডোভালে ৷ স্থানীয় ৰাইজে যাতে কোনো ধৰণৰ সমস্যা সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে উপদেষ্টা গৰাকীয়ে ৷

জম্মু-কাশ্মীৰবাসীৰ কাষত থিয় দিলে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা

ডোহালে জনায় যে ক্ৰমান্নয়ে স্বাভাৱিক হ'ব ধৰিছে জম্মু কাশ্মীৰৰ পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে ৰাজ্যখনত শান্তিৰ বাতাবৰণ দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যখনত শান্তিৰ বাতাবৰণ অটুট থকাৰ বাবে জম্মু কাশ্মীৰৰ ডিজিপি ডিলবাগ সিঙৰ স'তেও আলোচনা মিলিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল ৷ উল্লেখ্য যে, উক্ত সকলো তথ্য সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰতিবেদন প্ৰেৰণ কৰে ডোহালে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.