ETV Bharat / bharat

কেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল

দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী আৰু কেবিনেট সমিতিৰ সৈতে ৷

ajit doval
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিৎ ডভাল
author img

By

Published : Feb 26, 2020, 10:45 AM IST

নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃ দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰী আৰু কেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল ৷ দিল্লীৰ শেহতীয়া পৰিস্থিতি বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণত বুলি প্ৰকাশ কৰিছে নিৰাপত্তা উপদেষ্টা গৰাকীয়ে ৷ মঙলবাৰে নিশা দিল্লীৰ জাফৰাবাদ, শীলামপুৰকে ধৰি উত্তৰ পূব দিল্লীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন সম্প্ৰদায়ৰ বহু কেইজন নেতাৰ সৈতে আলোচনা কৰে অজিত ডভালে ৷ বৰ্তমান আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰা হৈছে ৰাজধানী দিল্লীত ৷ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়কঃ দিল্লীৰ হিংসাত্মক ঘটনাত আহত সকলৰ চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.