ETV Bharat / bharat

কোভিড-১৯ ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যাৰে চীনক অতিক্ৰম মুম্বাইৰ - অতিক্ৰম কৰিছে

মংগলবাৰে এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ মুম্বাইত কোভিড-১৯ ত আক্ৰান্ত লোক আৰু মৃতকৰ সংখ্যাই ইতিমধ্যে চীনক অতিক্ৰম কৰিছে । ৰাজ্যখনৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ মুম্বাইত বৰ্তমান ৪৫,৭২৪ জন ৰোগী আৰু এই ভাইৰাছত ৪৯৩৪ গৰাকী ৰোগীয়ে মৃত্যু বৰণ কৰিছে । কিন্তু একে সময়তে চীনত ৮৩৫৬৫ গৰাকী ৰোগী আৰু মৃতকৰ সংখ্যা ৪৬৩৪ বুলি জানিব পৰা গৈছে ।

now-mumbai-overtakes-china-in-corona-deaths-and-cases

author img

By

Published : Jul 7, 2020, 6:26 PM IST

নিউজ ডেস্ক, ৭ জুলাই : ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক কৰ'ণা আক্ৰান্ত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত প্ৰতিদিনে বৃহৎ হাৰত বৃদ্ধি হৈছে কৰ'ণা ৰোগীৰ সংখ্যা । মঙগলবাৰে এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ মুম্বাইত কোভিড-১৯ ত আক্ৰান্ত লোক আৰু মৃতকৰ সংখ্যাই ইতিমধ্যে চীনক অতিক্ৰম কৰিছে ।

ৰাজ্যখনৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ মুম্বাইত বৰ্তমান ৪৫,৭২৪ গৰাকী ৰোগী থকাৰ বিপৰীতে এই ভাইৰাছত ৪৯৩৪ গৰাকী ৰোগীয়ে মৃত্যুবৰণ কৰিছে । কিন্তু একে সময়তে চীনত ৮৩৫৬৫ গৰাকী ৰোগী আৰু মৃতকৰ সংখ্যা ৪৬৩৪ বুলি জানিব পৰা গৈছে ।

প্ৰথম অৱস্থাত কৰ'ণা ভাইৰাছে চীনত সন্ত্ৰাস চলাবলৈ সক্ষম হৈছিল যদিও বৰ্তমান চীন চৰকাৰে ভাইৰাছবিধক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে । শেহতীয়াভাবে ভাইৰাছবিধে ভাৰতবৰ্ষত সন্ত্ৰাস চলাবলৈ সক্ষম হৈছে । সমান্তৰালভাবে এই ভাইৰাছৰ ফলত ১ জুলাইৰ পৰা মুম্বাইত প্ৰতিদিনে ১১০০ ৰোগী নতুনকৈ আক্ৰান্ত হৈছে ।

উল্লেখযোগ্য যে, ৪ জুনত মহাৰাষ্ট্ৰই জাৰ্মানী আৰু দক্ষিণ আফ্ৰিকাক অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল । বিগত মাহত ৰাজ্যখনে কানাডা আৰু ফ্ৰান্সক অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল ।

মহাৰাষ্ট্ৰত বৰ্তমান কোভিড ৰোগীৰ সংখ্যা ২১১,৯৮৭ গৰাকী, মৃতকৰ সংখ্যা ৯,০২৬ গৰাকী । বৰ্তমানেও ৰাজ্যখনত ৮৭,৬৮৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.