ETV Bharat / bharat

কেৱল ভূখণ্ডৰ বাবেই নহয়, পূব লাডাখৰ তেল-গেছৰ বাবেও হ’ব পাৰে ভাৰত-চীনৰ সংঘাত - তৈল ভাণ্ডাৰৰ সন্ধান

এছিয়াৰ দুই বৃহৎ শক্তি চীন আৰু ভাৰতৰ মাজত পূব লাডাখত অব্যাহত থকা সামৰিক সংঘাত কেৱল ঐতিহাসিক পৰিক্ৰমা, ভূখণ্ড বা ভৌগলিক-ৰাজনৈতিক কাৰণত নহ’ব পাৰে । এই অঞ্চলটো বিশেষকৈ পূবৰ দিশটো হাইড্ৰ’কাৰ্বনৰ লগতে তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ হোৱাৰ সম্ভাৱনা আছে । তদুপৰি জিঅ’-থাৰ্মেল শক্তিৰো ই উৎস হ’ব পাৰে ।

India-China clash
India-China clash
author img

By

Published : Jul 28, 2020, 11:16 AM IST

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লাডাখৰ আকটাই চীন অঞ্চলক লৈ কৰা বিখ্যাত মন্তব্যৰ (য’ত ঘাঁহ এডালো নগজে) এতিয়া যথাৰ্থতা নাই । কিয়নো এই শীতল মৰু অঞ্চলত হাইড্ৰ’কাৰ্বনৰ ভাণ্ডাৰৰ উপস্থিতিৰ উমান অধ্যয়নত পোৱা গৈছে ।

শক্তিৰ নাটনিত ভোগা ভাৰত, পেট্ৰ’ল আৰু পেট্ৰ’লজাত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰে শীৰ্ষত থকা চীনৰ বাবে এই সম্ভাব্য ভাণ্ডাৰে ভৱিষ্যতৰ শক্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিব পাৰে । চীনে পেট্ৰ’ল তথা পেট্ৰ’লজাত সামগ্ৰীবোৰ আন দেশৰ পৰা আমদানি কৰে ।

ভাৰতে দেশখনৰ প্ৰয়োজনীয় ৮২ শতাংশ তেল আমদানি কৰে । দেশৰ ভিতৰত তৈল ভাণ্ডাৰৰ সন্ধান, নবীকৰণযোগ্য শক্তি আৰু থলুৱা ইথানল ইন্ধন ব্যৱহাৰ কৰি আমদানিৰ পৰিমাণ ২০২২ চনৰ ভিতৰত ৬৭ শতাংশলৈ হ্ৰাস কৰাৰ বাবে চেষ্টা অব্যাহত আছে । আনহাতে, চীনে দেশখনৰ তেলৰ প্ৰয়োজন ৭৭ শতাংশ আমদানিৰে পূৰণ কৰে ।

বিষয়টো সন্দৰ্ভত অভিজ্ঞতা থকা নাম প্ৰকাশত অনিচ্ছুক তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত ইটিভি ভাৰতক কয়, “বহু দিনৰে পৰা আমি লাডাখ অঞ্চলৰ সম্ভাৱনীয়তা কথা জানো । হাইড্ৰ’কাৰ্বনৰ ক্ষেত্ৰত এই অঞ্চলৰ যথেষ্ট সম্ভাৱনা আছে । কিয়নো এই অঞ্চলৰ বৃহৎ অংশ এটা বহু বছৰ ধৰি টেথিছ সাগৰৰ ‘ocean floor’ হিচাপে আছিল । ভৌগলিক শক্তিৰ ফলত ই ঊৰ্ধমুখী হৈ পশ্চিম আৰু কেন্দ্ৰীয় হিমালয় গঢ়ি তোলে । সেয়ে ছী বেড হিচাপে থকা অঞ্চল এটা হাইড্ৰ’কাৰ্বনৰ ভঁৰাল হোৱাটো স্বাভাৱিক ।”

টেথিয়ান হিমালয় অঞ্চলটোৱে লাডাখৰ জাংস্কাৰ পৰ্বতৰ ৭০ কিল’মিটাৰ অঞ্চল আৱৰি আছে । এই অঞ্চল ভৱিষ্যতে খনিজ তেল আৰু গেছৰ বাবে আটাইতকৈ সম্ভাৱনাপূৰ্ণ স্থান হিচাপে বিবেচিত হৈছে । এই অঞ্চলটো পূবে তিব্বত সমভূমিৰ দক্ষিণ দিশৰ পৰা পশ্চিমে জাংস্কাৰ পৰ্বতলৈকে বিস্তৃত । পশ্চিম হিমালয়ত টেথিয়ান হিমালয় পৰ্বতমালা কাশ্মীৰ, জাংস্কাৰ, চাম্বা আৰু স্পিটিৰ লগত ভালদৰে সংযোজিত ।

২০১৮ চনৰ ছেপ্টেম্বৰত অ’ এন জি চি, জিঅ’লজিকেল ছাৰ্ভে অৱ্ ইণ্ডিয়া, জ্ম্মু বিশ্ববিদ্যালয়, ইটালীৰ ই আন আই আপষ্ট্ৰীম এণ্ড টেকনিকেল চাৰ্ভিছ, ইউনিৰ্ভাচিটী কলেজ অৱ্ লণ্ডনৰ এদল বিজ্ঞানীয়ে দাখিল কৰা প্ৰতিবেদনত লাডাখত হাইড্ৰ’কাৰ্বনৰ বিশাল ভাণ্ডাৰৰ পূৰ্ণ সম্ভাৱনাৰ কথা প্ৰকাশ কৰা হৈছিল ।

‘ভাৰত আৰু পাকিস্তানৰ উত্তৰ-পশ্চিম হিমালয়ত পেট্ৰ’লিয়াম ব্যৱস্থা আৰু হাইড্ৰ’কাৰ্বনৰ সম্ভাৱনা’ শীৰ্ষক ৭৭ পৃষ্ঠাজোৰা বৈজ্ঞানিক প্ৰতিবেদনখনত কোৱা হৈছে, “হাইড্ৰ’কাৰ্বানৰ সন্ধানৰ বাবে উত্তৰ পশ্চিম হিমালয়ক সম্ভাৱনাপূৰ্ণ স্থান হিচাপে বিবেচনা কৰা হয় । কিয়নো বহু ষ্ট্ৰেইটগ্ৰাফিক লেভলত পেট্ৰ’লিয়াম চিষ্টেমৰ উপাদানৰ উপস্থিতিৰ লগতে টেকটনো-চেডিমেণ্টেৰী পৰিৱেশ আৰু গেছৰ উপস্থিতি ব্যৱসায়িক গেছ আৰু তেলৰ ভঁৰালৰ ইংগিত দিয়ে ”

‘‘জাংস্কাৰ-স্পিটি বেছিনৰ মেছ’জিইক-টাৰ্চিয়াৰী পৰ্বতমালাত আৰ্গিলেচিয়াছ চেডিমেণ্টৰ অ’ এম বা অৰ্গেনিক মেটাৰ আপু ক্ৰেটেচিয়াছ-ইঅ’চেন ফৰ্মেশ্বনত খনিজ পদাৰ্থ আদি হাইড্ৰাকাৰ্বনৰ উৎসৰ শিলৰ ইংগিত বহন কৰে ৷ ’’

“বেচিনেল ব্যৱস্থাৰ অন্তৰ্ভাগত তেল আৰু গেছ উদ্ধাৰৰ পূৰ্ণ সম্ভাৱনা থকাৰ লগতে হিমালয়ৰ অৰ’গেনৰ আভ্যন্তৰীণ বেল্টেও তাৰ আভাস দিয়ে । ” প্ৰতিবেদনত এনেদৰে উল্লেখ কৰা হৈছে ।

লগতে কোৱা হৈছে, “উত্তৰ পশ্চিম হিমালয়ৰ ভাৰতৰ অংশটো দীৰ্ঘদিনৰ পৰা হাইড্ৰ’কাৰ্বনৰ পৰা সম্ভাৱনাময় উৎস হিচাপে বিবেচিত হৈ আহিছে । জ্বালামুখী আদিয়ে গেছৰ উপস্থিতিৰ উমান দিয়ে ” ৷

উত্তৰ পশ্চিম হিমালয়ত হাইড্ৰ’কাৰ্বনৰ ভাণ্ডাৰ উদ্ধাৰ কৰাৰ বাবে এই প্ৰতিবেদনখনক প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক’ব পাৰি ।

ভৌগলিক একাকীত্ব, উচ্চতা, তীব্ৰ ঠাণ্ডাৰ লগতে ব্যৱস্থাগত ব্যাপক জটিলতা, টেকট’নিক বিকৃতি আৰু উচ্চমানৰ চিচমিক প্ৰফাইলৰ অভাৱ আদি কাৰণত এই অঞ্চল সন্দৰ্ভত ব্যাপক অধ্যয়নৰ বাটত হেঙাৰ হিচাপে থিয় দি আহিছে ।

অ’ এন জি চিৰ বিষয়াগৰাকীয়ে কয়— “সঠিক খননৰ বাবে বহু প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে । তাৰ ভিতৰত বিস্ফোৰণ অন্যতম । কিন্তু সাগৰপৃষ্ঠৰ পৰা বহু উচ্চতাত অৱস্থিত, ভূকম্পন আৰু হিমবাহ প্ৰৱণ হিমালয়ৰ অঞ্চলত সেইবোৰ সম্ভৱ নহয় ” ৷

লেখক : সঞ্জীৱ কুমাৰ বৰুৱা

লগতে পঢ়ক : অধিক জনপ্ৰিয়তা অৰ্জনৰ দিশে টেলিগ্ৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.