ETV Bharat / bharat

দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ব্যয় কৰি আয় কৰাৰ উপদেশ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীৰ - ব্যয় কৰি আয় কৰাৰ উপদেশ প্ৰদান অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰ

সকলোৰে হাতত টকা দিয়ক যাতে অত্যাৱশ্যকীয় টকাৰে উপভোক্তাসকলে আৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে ৷ টকা বিনিয়োগ কৰি পুনৰ আয় কৰাটো অৰ্থব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ সহজ উপায় বুলি উল্লেখ কৰে নৱেল বঁটা বিজয়ী ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ৷

অভিজিত বেনাৰ্জী
অভিজিত বেনাৰ্জী
author img

By

Published : May 5, 2020, 2:19 PM IST

নিউজ ডেস্ক, 5 মেঃ শেহতীয়া পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ব্যৱস্থা সন্দৰ্ভত জেষ্ঠ কংগ্ৰেছ নেতা তথা ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীৰ স'তে আলোচনাত মিলিত হয় নৱেল বঁটা বিজয়ী ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জী ৷ কৰ'ণা মহামাৰীৰ মাধমাৰৰ ফলত দেশৰ অৰ্থনীতি এতিয়া সম্পূৰ্ণ শয্যাগত ৷ এই পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ বৰ্তমান সাধাৰণ জনতাৰ হাতত নগদ পইছা দি তেওঁলোকক সহায় কৰা উচিত বুলি মন্তব্য কৰে অৰ্থনীতিবিদগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, সকলোৰে হাতত টকা দিয়ক যাতে অত্যাশ্যকীয় টকাৰে উপভোক্তাসকলে আৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে ৷ টকা বিনিয়োগ কৰি পুনৰ আয় কৰাটো অৰ্থব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ সহজ উপায় বুলি অৱগত কৰে অৰ্থনীতিবিদগৰাকীয়ে ৷

লগতে অভিজিত বেনাৰ্জীয়ে কয় যে, কেৱল দুখীয়া শ্ৰেণীৰ ক্ষেত্ৰতে নহয় প্ৰতিজন লোকৰ বাবে DBT ৰ প্ৰয়োজন ৷

সাংসদ ৰাহুল গান্ধীৰ স'তে আলোচনাত মিলিত হয় নৱেল বঁটা বিজয়ী ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিত বেনাৰ্জী

"আমেৰিকা-জাপানৰ দৰে দেশসমূহত ইতিমধ্যে আৰ্থিক পেকেজ প্ৰদান কৰা হৈছে ৷ বৰ্তমান ভাৰতটো এই সময়ছোৱাত বিশেষ আৰ্থিক পেকেজৰ দৰকাৰ বুলি মন্তব্য কৰে অৰ্থনীতিবিদগৰাকীয়ে ৷ ইয়াৰোপৰি যিসমূহ কল্যাণকামী নীতিৰ ব্যৱস্থা কৰা হৈছে সেইসমূহৰ ক্ষেত্ৰত নাটনি হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বিদেশী শ্ৰমিকসকলৰ বাবে কোনো ধৰণৰ প্ৰণালী নাই ৷ তেওঁলোকৰ বাবে কোনো MGNREGA নাই ৷ তেওঁলোক সাবৰ্জনিক বিতৰণ প্ৰণালীৰ বাবে যোগ্য নহয় কাৰণ তেওঁলোক বাসিন্দা নহয় ৷ মুঠতে ধাৰণাৰ ভিত্তিত গঢ়ি তোলা কল্যাণকামী প্ৰকল্পৰ পতন হোৱা পৰিলক্ষিত হৈছে " বুলি মন্তব্য কৰে নৱেল বঁটা বিজয়ী অভিজিত বেনাৰ্জীয়ে ৷

"আমি কোনো ধৰণৰ বৃহৎ পেকেজ সন্দৰ্ভত সিদ্ধান্ত লোৱা নাই ,বৰ্তমানো আমি এক শতাংশ GDP ক লৈয়ে চিন্তা-চৰ্চা কৰিছো ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰই এই পৰ্যন্ত 10 শতাংশ GDP ৰ ব্যৱহাৰ কৰিছে" বুলি জানিবলৈ দিয়ে প্ৰসিদ্ধ অৰ্থনীতিবিদগৰাকীয়ে ৷ লগতে যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক তিনিমাহৰ বাবে অস্থায়ী ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে অভিজিত বেনাৰ্জীয়ে ৷

সংকটৰ সময়ত দেশৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ চাৰিভাগৰ এভাগ ঋণ পৰিশোধ কৰাটো একপ্ৰকাৰৰ স্থগিত কৰি সেইখিনি চৰকাৰৰ দ্বাৰা চোৱা-চিতা কৰিব লাগে বুলি উপদেশ দিয়ে অৰ্থনীতিবিদগৰাকীয়ে ৷ লগতে কংগ্ৰেছ চৰকাৰৰ NYAY আঁচনিৰ জৰিয়তে জনসাধাৰণক নগদ টকা প্ৰদান কৰাটো উচিত বুলি পৰামৰ্শ দিয়ে অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.