নেশ্যনেল ডেস্ক, 27 আগষ্ট: কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লৈ বিকৰ্তৰ সৃষ্টি হৈ থকাৰ সময়তে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই বুধবাৰে ইটিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, কেৱল ৰাহুল গান্ধীয়েই কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰিব পাৰিব ৷
তেওঁ গান্ধী পৰিয়ালৰ সদস্য নোহোৱা লোকেও দলটোৰ বৰ্তমান স্থিতিত নেতৃত্ব প্ৰদান কৰিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে ৷
"এইটো সত্য যে, গান্ধী পৰিয়ালৰ বাহিৰে কোনোৱেই দলটোক নেতৃত্ব প্ৰদান কৰিব নোৱাৰে আৰু বৰ্তমান বিজেপি দলৰ সৈতে গান্ধী পৰিয়ালৰ লোকেহে কঠোৰ মোকাবিলা কৰিব পাৰে ৷ ৰাহুল গান্ধীয়েই দলটোক প্ৰকৃতাৰ্থত নেতৃত্ব প্ৰদান কৰিব পাৰিব" বুলি সাক্ষাৎকাৰযোগে মন্তব্য কৰে বৰাই ৷
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে শেহতীয়াকৈ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰযোগে ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰিবলৈ আবেদন জনায় ৷
ৰিপুন বৰাই কয়, "মই ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে অধিস্থিত কৰিবলৈ ছোনিয়া গান্ধীক পত্ৰ প্ৰেৰণ কৰিছো ৷ লগতে ছোনিয়া গান্ধীৰ সৈতে হোৱা এক ভিডিঅ' কনফাৰেঞ্চযোগে অনুষ্ঠিত হোৱা বৈঠকতো মই অনুৰূপ বিষয় উল্লেখ কৰিছো ৷"
ছোনিয়া গান্ধীক দলটোৰ অন্তৰ্ৱতীকালিন অধ্যক্ষ হিচাপে পুনৰস্থাপন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, "6 মাহৰ পাচত আমি এগৰাকী পূৰ্ণকালীন অধ্যক্ষ বিচাৰো ৷ আমি এগৰাকী নেতা বিচাৰো যিগৰাকীয়ে দলটোক নেতৃত্ব প্ৰদান কৰিব পাৰে ৷ সকলো নেতাই, ৰাহুল গান্ধীক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিবৰ বাবে এই 6 মাহত ছোনিয়া গান্ধীৰ সৈতে পৰামৰ্শ কৰিব পাৰে ৷"
তেওঁ কয় যে, 23 গৰাকীকৈ জ্যেষ্ঠ নেতাৰ দ্বাৰা প্ৰেৰিত পত্ৰসমূহ যাতে কোনো লোকৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ দৰে নহয় ৷
বৰাই কয়, "তেওঁ কেৱল এক পৰিৱৰ্তনৰ বাবেহে ছোনিয়া গান্ধীক অনুৰোধ কৰে ৷ মোৰ বিশ্বাস যে, এইয়া সম্ভৱ হ'ব, যদি এগৰাকী পূৰ্ণকালীন অধ্যক্ষ থাকে ৷"
তেওঁ কয়, নেতৃত্ব আনৰ দ্বাৰা পোৱা সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰে ৷ "বিগত সময়ত আমাৰ গান্ধী পৰিয়ালৰ বাহিৰৰ নেতাসকল আছিল ৷ যদি নেতা গৰাকী আক্ৰমণাত্মক আৰু কাৰ্যক্ষম নহয় তেন্তে তেনে নেতা দলটোৰ বাবে কোনো কামৰ নহয়" বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে ৷
তেওঁ কয় যে, বিজেপিয়ে কংগ্ৰেছৰ বৰ্তমানৰ আভ্যন্তৰীম পৰিস্থিতিৰ পৰা যিকোনো ধৰণৰ লাভ উঠাব পাৰে ৷ তেওঁ বিজেপিক সমালোচনা কৰি কয়, COVID বৰ্তমানলৈ পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই ৷ তেনে স্থলত চৰকাৰে JEE আৰু NEET পৰীক্ষা আয়োজনৰ বাবে সহাৰি জনাইছে ৷
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, তেওঁ প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সকলো পৰীক্ষা স্থগিত ৰখাৰ বাবে অনুৰোধ কৰিছিল ৷ ইয়াৰোপৰি তেওঁ কয়, অসমৰ বিজেপি চৰকাৰ COVID-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷
"অসমৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ ৷ ৰাজ্য চৰকাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে" বুলি বৰাই উল্লেখ কৰে ৷
আনহাতে সাক্ষাৎকাৰযোগে তেওঁ জনায় যে, অসমৰ প্ৰাক্তন মুক্যমন্ত্ৰী তৰুণ গগৈ বিগত বহুদিনৰ পৰাই দলীয় নেতা সকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ পাচত, COVID ত আক্ৰান্ত হয় ৷
লগতে পঢ়ক: 90 শতাংশ কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতা বিচৰা নাই: সঞ্জয় চৌধুৰী