নিউজ ডেস্ক,23 অক্টোবৰ : মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী ইমাৰ্তী দেৱীক প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে কৰা ঠাট্টাৰ পাচতে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে ৷ কিয়নো নিৰ্বাচনী আয়োগে আগন্তুক 48 ঘণ্টাৰ ভিতৰত ঘটনা সন্দৰ্ভত কমলনাথৰ উত্তৰ বিচাৰিছে ৷
আয়োগৰ জাননীৰ পাচত কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ তদন্তত প্ৰশ্ন উত্থাপন কৰে,য’ত আয়োগৰ আচৰণক বৈষম্যমূলক আৰু দুৰ্ভাগ্যজনক বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ৷ আনফালে,কমলনাথে ঠাট্টাৰ বাবে ক্ষমা নুখুজি আকোৰগোঁজ হোৱা পৰিলক্ষিত হৈছে ৷
বিজেপিয়ে আক্ৰমণাত্মকভাৱে এই বিষয়টো উত্থাপন কৰি নিৰ্বাচনী আয়োগ,ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতিৰ দ্বাৰা কমলনাথলৈ জাননী প্ৰেৰণ কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আপত্তি দৰ্শোৱাৰ পাচতো কমলনাথে ক্ষমা খুজিবলৈ মান্তি নহ’ল ৷
কিয় নিৰ্বাচনী আয়োগে বিচাহুলালৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান কৰা নাই? : কংগ্ৰেছ
ইয়াৰ মাজতে কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ কাম-কাজক ভেদভাৱ আৰু দুৰ্ভাগ্য আখ্যা দিয়ে ৷ কংগ্ৰেছে কয় যে,সাংবিধানিক সংস্থাৰ দ্বাৰা এগৰাকী ব্যক্তি বিশেষক সুখী কৰিবলৈ এইকেইদিন যেনেধৰণৰ কাৰ্য হাতত লোৱা হৈছে,সেইটো বাস্তৱিকতে দুৰ্ভাগ্যজনক ৷
মধ্যপ্ৰদেশৰ কংগ্ৰেছ সংবাদ বিভাগৰ উপাধ্যক্ষ ভুপেন্দ্ৰ গুপ্তাই কয় যে,ভাৰতৰ শিক্ষিত আৰু সাংবিধানিক সংস্থাই শব্দক লৈ দিয়া স্পষ্টীকৰণ অতি দুৰ্ভাগ্যজনক ৷ কংগ্ৰেছ দল সদায় স্বাধীন নিৰ্বাচন আৰু নিৰপেক্ষ নিৰ্বাচনী সংগঠনক সমৰ্থন কৰে ৷ যাক বিশ্বজুৰি সন্মান জনোৱা হৈছিল,সেই দলটো আজি নিম্নগামী হৈছে ৷ এইটো অতি দুখজনক কথা ৷
কমলনাথে আকোৰগোঁজ হোৱাৰ অভিনয় কৰিছে : বিজেপি
আনহাতে বিজেপিৰ মুখপাত্ৰ পংকজ চতুৰ্বেদীয়ে কয় যে,কেৱল ভাৰতীয় নিৰ্বাচনী আয়োগেই নহয়,কংগ্ৰেছ দলৰ নেতাসকলে নিজেই কমলনাথৰ ঠাট্টা অগ্ৰহণযোগ্য বুলি স্বীকাৰ কৰে ৷ সমাজত কোনো ভনী-মহিলাক এনেকুৱা শব্দ ব্যৱহাৰ কৰা উচিত নহয় ৷ কমলনাথে উত্তৰ দিব লাগিব ৷ তেওঁৰ বাবে গোটেই কংগ্ৰেছ দলটোৰ অপমান হৈছে ৷
সাধাৰণ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে,শিৱৰাজে লাভ কৰিছে : বিশেষজ্ঞ
জ্যেষ্ঠ পত্ৰকাৰ আৰু ৰাজনৈতিক বিশ্লেষক দীপক তিৱাৰীয়ে কয় যে,এইধৰণৰ ঠাট্টা কৰা নেতা থকাতো কোনো ডাঙৰ কথা নহয় ৷ ইয়াৰ পূৰ্বেও 2017 চনত মুগাৱলী উপ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগে শিৱৰাজ সিং চৌহানক একেই জাননী প্ৰেৰণ কৰিছিল ৷ সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী আছিল ৷
এই ঘটনা সন্দৰ্ভত একমাত্ৰ বিষয় এইটোৱেই যে স্থানীয় বিধায়কে প্ৰথমে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত জয়লাভ কৰে আৰু পদত্যাগ কৰে ৷ ইয়াৰ পাচতে বিজেপিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে যো-জা চলাইছে বুলি বিশ্লেষক দীপক তিৱাৰীয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক : কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ