ETV Bharat / bharat

ভাৰতত COVID-19 ৰ সামূদায়িক সম্প্ৰসাৰণ হোৱা নাই : স্বাস্থ্য মন্ত্ৰণালয়

author img

By

Published : Apr 10, 2020, 8:34 PM IST

COVID-19 ৰ সামূদায়িক সম্প্ৰসাৰণ হোৱা নাই ভাৰতত ৷ এই মন্তব্য় লাভ আগৰৱালৰ ৷

স্বাস্থ্য মন্ত্ৰণালয়
ভাৰতত কোভিড-19 ৰ সামূদায়িক সম্প্ৰসাৰণ হোৱা নাই

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰণালয়ে মন্তব্য় কৰে যে, সংগ্ৰহ কৰা নমুনাৰ পৰা এই কথা প্ৰমাণিত হৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ ভাৰতত অধিক নহয় আৰু সামূদায়িক সংক্ৰমণ দেশত বৰ্তমানলৈকে হোৱা নাই ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে, যিহেতু দেশত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছৰ সামূদায়িক সম্প্ৰসাৰণ হোৱা নাই সেয়েহে সকলোৱে চিন্তিত হোৱাৰ প্ৰয়োজন নাই ৷

ইয়াৰোপৰি, তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ ভাৰতত অধিক নহয় ৷ 16,000 লোকক প্ৰতিদিনে পৰীক্ষা কৰা হৈছে যদিও কেৱল 0.2 শতাংশহে আক্ৰান্ত হৈছে ৷ চৰকাৰৰ 146 টা গৱেষণাগাৰত COVID-19 ৰ নমুনা পৰীক্ষা কৰি থকা হৈছে আৰু ব্যক্তিগত 67 টা গৱেষণাগাৰক এই সুবিধা প্ৰদান কৰা হৈছে ৷

লাভ আগৰৱালে কয়, "বৰ্তমানলৈকে দেশত সামূদায়িক সম্প্ৰসাৰণ হোৱা নাই যদিও সকলো সজাগ হোৱা উচিত ৷"

হাইড্ৰক্সিক্ল'ৰ'কুইন মজুত থকা সন্দৰ্ভত আগৰৱালে কয়, "দেশত 3 কোটিতকৈও অধিক টেবলেট সাঁচি ৰখা হৈছে ৷ এই মাহৰ অন্তিম সময়লৈকে প্ৰয়োজনীয় টেবলেট সাঁচি ৰখা হৈছে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.