ETV Bharat / bharat

তৃতীয় লিংগৰ ব্যক্তি আৰক্ষীত কিয় অন্তভূক্ত হ'ব নোৱাৰে; উচ্চ ন্যায়লয়লৰ জাননী - তৃতীয় লিংগ

কৰ্ণাটক উচ্চ ন্যায়লয়ে ৰাজ্যখনৰ ৰিজাৰ্ভ আৰক্ষী বাহিনীত তৃতীয় লিংগৰ ব্যক্তি সকলক অন্তভূক্ত কৰাৰ ক্ষেত্ৰত এক নিৰ্দেশ জাৰি কৰিছে । ন্যায়লয়ে তৃতীয় লিংগৰ ব্যক্তিসকলক ৰিজাৰ্ভ আৰক্ষী বাহিনীত কিয় অংশগ্ৰহণ কৰিব নোৱাৰে সেই সম্পৰ্কত উত্তৰ দিবলৈ এক নিৰ্দেশনা প্ৰদান কৰিছে । ২৬৭২ টা বিশেষ সংৰক্ষিত পদৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰদান কৰা হয় ।

no-access-to-transgenders-in-police-forces-karnataka-hc-asks-government

author img

By

Published : Jul 2, 2020, 7:25 PM IST

নিউজ ডেস্ক, ২ জুলাই : কৰ্ণাটক উচ্চ ন্যায়লয়ে ৰাজ্যখনৰ ৰিজাৰ্ভ আৰক্ষী বাহিনীত তৃতীয় লিংগৰ ব্যক্তি সকলক অন্তভূক্ত কৰাৰ ক্ষেত্ৰত এক নিৰ্দেশ জাৰি কৰিছে । ন্যায়লয়ে তৃতীয় লিংগৰ ব্যক্তিসকলক ৰিজাৰ্ভ আৰক্ষী বাহিনীত কিয় অংশগ্ৰহণ কৰিব নোৱাৰে সেই সম্পৰ্কত উত্তৰ দিবলৈ এক নিৰ্দেশনা প্ৰদান কৰে । ২৬৭২ টা বিশেষ সংৰক্ষিত পদৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰদান কৰা হয় ।

Society working for the welfare of the transgender community ৰ অভিযোগৰ ভিত্তিত মুখ্যন্যায়ধীশ ন্যায়মুৰ্ত্তী নটৰাজ ৰংগস্বামী আৰু এ এচ ওকাৰ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে ।

ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী মহা নিৰ্দেশকক এই নিৰ্দেশনা প্ৰদান কৰিছে আৰু ২১ জুলাইলৈ শুনানী স্থগিত কৰিছে । লগতে ন্যায়ালয়ে সকলো চৰকাৰী চাকৰিত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । লগতে আবেদনকাৰীয়ে শীৰ্ষ আদালতক আকৌ অনুৰোধ জনাই যে, তৃতীয় লিংগৰ ব্যক্তি সকলক শিক্ষা আৰু সামাজিক ক্ষেত্ৰতো অধিকাৰ প্ৰদান কৰাৰ বাবে অনুৰোধ জনায় ।

উল্লেখযোগ্য যে, বৰ্তমানে কৰ্ণাটক চৰকাৰে ৰাজ্যখনত ২৬৭২ টা আৰক্ষী কনিষ্টবলৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.