ETV Bharat / bharat

নিজামুদ্দিনৰ ঘটনাই ২৩ খন ৰাজ্যক প্ৰভাৱিত কৰিছেঃ স্বাস্থ্য মন্ত্ৰণালয়

author img

By

Published : Apr 19, 2020, 3:32 PM IST

ভাৰতৰ মুঠ ১৪,৩৭৮ গৰাকী কৰ'ণা আক্ৰান্তৰ ৪,২৯১ গৰাকী নিজামুদ্দিনৰ মাকাৰ্জ অনুষ্ঠানৰ সৈতে সম্পৰ্কীয় । নতুন দিল্লীৰ নিজামুদ্দিনৰ মাকাৰ্জ অনুষ্ঠানৰ ঘটনাই ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰভাৱিত কৰিছে ।

Nizamuddin cluster have affected 23 states, taking fatalities to 488: Health Ministry

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ এক প্ৰতিবেদনত ফাদিল হৈছে ভয়ংকৰ তথ্য। দেশৰ ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰভাৱিত কৰিছে নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত হৈ যোৱা তবলিগী জামাতৰ অনুষ্ঠানে । ইয়াৰে ভিতৰত তামিল নাডুত ৮৪ শতাংশ, তেলেংগাণাত ৭৯ শতাংশ,দিল্লীত ৬৩ শতাংশ,উত্তৰ প্ৰদেশত ৫৯ শতাংশ আৰু অন্ধ্ৰ প্ৰদেশত ৬১ শতাংশ প্ৰভাৱ পেলাইছে এই অনুষ্ঠানত ভাগ লোৱা জামাত অংশগ্ৰহণকাৰীয়ে।

ভাৰতৰ মুঠ ১৪,৩৭৮ গৰাকী কৰ'ণা আক্ৰান্তৰ ৪২৯১ গৰাকী অৰ্থাৎ ২৯.৮ শতাংশ হৈছে জামাতৰ সৈতে সম্পৰ্কীয়। এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে। বৰ্তমানলৈকে ৪০ হাজাৰ জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক ভাৰতত কোৱাৰেণ্টাইন কৰা হৈছে ।

লক ডাউন, সামাজিক দুৰত্ব ইত্যাদি ব্যৱস্থাই ২৩ খন ৰাজ্য়ৰ ৪৭ খন জিলাত ধনাত্মক ফলাফল দিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে । বিগত ২৮ দিনে পণ্ডিচেৰীৰ মাহে আৰু কৰ্ণাটকৰ কডাগুত কোনো কোভিড-১৯ৰ আক্ৰান্ত ধৰা পৰা নাই । আনহাতে নতুনকৈ ১২ খন ৰাজ্যৰ ২২ খন জিলাত যোৱা চৈধ্য় দিনলৈ এটাও কোভিড-১৯ৰ ঘটনা পোহৰলৈ অহা নাই বুলি উল্লেখ কৰে আগৰৱালে ।

ভাৰতত কোভিড-১৯ত মৃত্য়ুৰ হোৱা লোকৰ হাৰ হৈছে ৩.৩ শতাংশ । ০-৪৫ বছৰ বয়সৰ মাজত ১৪.৪ শতাংশ,৪৫-৬০ বছৰ বয়সৰ মাজত ১০.৪ শতাংশ, ৬০-৭৫ বছৰ বয়সলৈ ৩৩.১ শতাংশ,৭৫ বছৰ বয়সৰ উৰ্দ্ধলৈ ৪২.২ শতাংশ মৃত্যুৰ হাৰ পোৱা গৈছে ।

স্বাস্থ্য বিভাগৰ প্ৰতিবেদনৰ মতে,বিগত ২৪ ঘণ্টাত ৯৫৭ টা নতুন ঘটনা পোহৰলৈ অহাৰ বিপৰীতে মৃত্যু হৈছে ৪৩ জন লোকৰ। বৰ্তমানলৈ ভাৰতত ৪৮৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯৯২ জন আক্ৰান্ত আৰোগ্য হ'বলৈ সক্ষম হৈছে । আনহাতে ১৪,৩৭৮ গৰাকী আক্ৰান্তৰ ১২,২৮৯ টা ঘটনা এতিয়াও সক্ৰিয় হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.