ETV Bharat / bharat

ফাঁচীকাঠত ওলমোৱাৰ পূৰ্বে আহাৰ গ্ৰহণ নকৰিলে নিৰ্ভয়াৰ দোষীয়ে : তিহাৰ কৰ্তৃপক্ষ

author img

By

Published : Mar 20, 2020, 3:27 PM IST

মৃত্যুৰ পূৰ্বে আহাৰ গ্ৰহণ কৰা নাছিল নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীয়ে ৷ এই কথা প্ৰকাশ তিহাৰ জেল কৰ্তৃপক্ষৰ ৷

পুৱাই ফাঁচীকাঠত ওলমিল চাৰি দোষী
নিৰ্ভয়া কাণ্ডৰ দোষীৰ শাস্তি

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : যোৱা নিশা নিৰ্ভয়া কাণ্ডৰ দুই দোষীয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ উপৰি শুকুৰবাৰে পুৱা চাৰিওজন দোষীয়ে গ্ৰহণ নকৰিলে আহাৰ ৷ এই কথা প্ৰকাশ কৰিছে তিহাৰ জেল কৰ্তৃপক্ষই ৷

ইয়াৰোপৰি, চাৰিওজন দোষীয়ে স্নান নকৰাৰ লগতে পৰিধান কৰি থকা কাপোৰো সলনি নকৰিলে ৷

জেল কৰ্তৃপক্ষই কয়, "বিনয় আৰু মুকেশে যোৱা নিশা ভালদৰে আহাৰ গ্ৰহণ কৰে ৷ তেওঁলোকক নিশাৰ আহাৰত ৰুটী, দাইল, ভাত আৰু শাক প্ৰদান কৰা হৈছিল ৷ অক্ষয়ে গধুলি ভাগত চাহ গ্ৰহণ কৰিছিল ৷ কিন্তু তেওঁলোকৰ এজনেও আজি পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে ৷"

লগতে তিহাৰ কৰ্তৃপক্ষই কয় যে, চাৰিওজন দোষীয়ে যোৱা নিশাৰ পৰা কোনো ধৰণৰ চিন্তা ব্যক্ত কৰা নাছিল ৷

উল্লেখ্য যে, ফাঁচীকাঠত ওলমোৱাৰ কেইঘন্টামান পূৰ্বে পৱন গুপ্তাই ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰা দ্বিতীয়খন ক্ষমা আবেদনৰ প্ৰত্যাহ্বান জনাইছিল ৷

সেই অনুসৰি, নিশা 2,30 বজাত আদালতে শুনানি গ্ৰহণ কৰি তেওঁৰ আবেদন নাকচ কৰিছিল ৷

ইয়াৰোপৰি, ফাঁচীৰ পূৰ্বে গুপ্তা আৰু অক্ষয়ক নিজ পৰিয়ালক লগ কৰিবলৈও দিয়া হোৱা নাছিল ৷

আৰু পঢ়ক : এয়া দেশৰ জয় : নিৰ্ভয়া দোষীৰ ফাঁচীৰ পাচত স্বাতী মালিৱালৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.