নিউজ ডেস্ক,20 মাৰ্চঃ 7 বছৰ তিনি মাহ 4 দিনৰ অন্তত শুকুৰবাৰে নিৰ্ভয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত চাৰিজনক ফাঁচী কাঠত ওলমোৱা হয় ৷ অভিযুক্ত চাৰিজনক ফাঁচী দিয়াৰ সমান্তৰালভাৱে বহুবোৰ ঘটনা বাহিৰলৈ আহিছে যদিও তাৰ ভিতৰত এটা অন্যতম হৈছে জেলত থকা সময়ছোৱাত অভিযুক্ত চাৰিজনে কাম কৰি উপাৰ্জন কৰিলে 1 লাখ 37 হাজাৰ টকা ৷
তিহাৰ জেল কৰ্তৃপক্ষই জনোৱা অনুসৰি মুকশে কোনো কাম কৰা নাছিল কিন্তু অক্ষয়ে 69 হাজাৰ টকা,পৱনে 29 হাজাৰ টকা,বিনয়ে 39 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁলোকে উপাৰ্জন কৰা টকাখিনি পৰিয়ালৰ লোকৰ হাতত অৰ্পণ কৰা হ'ব ৷ ইয়াৰ লগতে অভিযুক্ত চাৰিজনৰ সা-সামগ্ৰীবোৰ ও পৰিয়ালৰ লোকৰ হাতত অৰ্পণ কৰা হ'ব ৷
লগতে পঢ়কঃআজিৰ দিনটো 'নিৰ্ভয়া ন্যায় দিৱস' হিচাপে পালন কৰক : নিৰ্ভয়াৰ মাতৃ