নতুন দিল্লী,9 মাৰ্চ :লণ্ডনৰ ৰাজপথত মুকলিকৈ পঞ্জাৱ নেশ্বনেল বেংকৰ জালিয়াতি কাণ্ডৰ মূল অভিযুক্ত নীৰৱ মোডী ৷ ব্ৰিটেইনৰ বাতৰি কাকতত প্ৰকাশিত হ'ল তথ্য ৷ প্ৰায় 13000 কোটি টকাৰ জালিয়াতি সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰিছিল হীৰা ব্যৱসায়ীজনে ।
লণ্ডনৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা তথ্য অনুসৰি লণ্ডনৰ ৰাজপথত মুকলিকৈ খোজকাঢ়ি থকা অৱস্থাত দেখা পোৱা গ'ল পলাতক হীৰা ব্যৱসায়ীজন । বাতৰি কাকতখনৰ সাংবাদিকে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে জালিয়াতি কাণ্ডটোৰ মূল অভিযুক্তজন ৷বাতৰিকাকতখনত প্ৰকাশ কৰা অনুসৰি পলাতক হীৰা ব্যৱসায়ীজন বৰ্তমান চহৰখনত বাস কৰিছে তথাভিন্ন নামেৰে পুনৰ এক হীৰাৰ ব্যৱসায় আৰম্ভ কৰিছে ।
Exclusive: Telegraph journalists tracked down Nirav Modi, the billionaire diamond tycoon who is a suspect for the biggest banking fraud in India's historyhttps://t.co/PpsjGeFEsy pic.twitter.com/v3dN5NotzQ
— The Telegraph (@Telegraph) March 8, 2019 " class="align-text-top noRightClick twitterSection" data="
">Exclusive: Telegraph journalists tracked down Nirav Modi, the billionaire diamond tycoon who is a suspect for the biggest banking fraud in India's historyhttps://t.co/PpsjGeFEsy pic.twitter.com/v3dN5NotzQ
— The Telegraph (@Telegraph) March 8, 2019Exclusive: Telegraph journalists tracked down Nirav Modi, the billionaire diamond tycoon who is a suspect for the biggest banking fraud in India's historyhttps://t.co/PpsjGeFEsy pic.twitter.com/v3dN5NotzQ
— The Telegraph (@Telegraph) March 8, 2019
উল্লেখযোগ্য যে , নীৰৱ মোডী আৰু মেহুল চৌক্সিৰ বিপক্ষে ইতিমধ্যে চি বি আই আৰু এনফৰ্চমেণ্ট ডাইৰেকটৰেটে অব্যাহত ৰাখিছে অনুসন্ধান । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে নীৰৱ মোডীৰ বিপক্ষে এক গোচৰ ৰুজু কৰিছিল এনফৰ্চমেণ্ট ডাইৰেকটৰেটে ৷ নীৰৱ মোডী , তেওঁৰ সম্পৰ্কীয় মেহুল চৌক্সি তথা পঞ্জাৱ নেশ্বনেল বেংকৰ কেইবাগৰাকী কৰ্মচাৰীয়ে সংঘটিত কৰিছিল প্ৰায় 13000 কোটি টকাৰ জালিয়াতি ৷ বৰ্তমানলৈকে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে হীৰা ব্যৱসায়ীজনৰ ভাৰতত থকা হাজাৰ কোটিৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছে ৷