ETV Bharat / bharat

কেএলএফ নাৰ্ক' টেৰৰ গোচৰ সন্দৰ্ভত নিয়াৰ চাৰ্জশ্বিট দাখিল

কেএলএফ ৰ সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ আগবঢ়াই নিয়াত সহযোগ কৰাৰ অভিযোগত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে নিয়াৰ চাপ্লিমেন্টেৰি চাৰ্জশ্বিট দাখিল ৷ ড্ৰাগছ সৰহবৰাহ কৰি কেএলএফ (খালিস্তান লিবাৰেচন ফৰ্চ) ক সন্ত্ৰাসবাদী কাৰ্যকলাপ শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰাৰ সন্দৰ্ভত মোহালিত নিয়াৰ বিশেষ আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছে ৷

author img

By

Published : Dec 5, 2020, 6:33 PM IST

nia files supplementary charge sheet in klf narco terror case
কেএলএফ নাৰ্ক' টেৰৰ গোচৰ সন্দৰ্ভত নিয়াৰ চাৰ্জশ্বিট দাখিল

নেচনেল ডেস্ক, 5 নৱেম্বৰ: নিষিদ্ধ ঘোষিত খালিস্তান লিবাৰেচন ফৰ্চ (কেএলএফ) ৰ অবৈধ কাৰ্যকলাপ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জড়িত থকাৰ অভিযোগত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে চাপ্লিমেন্টেৰি চাৰ্জশ্বিট দাখিল কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ৷

বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ব্যক্তিজন পাকিস্তানৰ পৰা অহা ড্ৰাগছ বিক্ৰি কৰাত জড়িত ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, শুকুৰবাৰে ভাৰতীয় দণ্ডবিধি আইন আইন আৰু এনডিপিএচ আইনৰ অধীনত ধৰ্মিন্দৰ সিঙ (32) ৰ বিৰুদ্ধে মোহালিত নিয়াৰ বিশেষ আদালতত চাৰ্জশ্বিট দাখিল কৰা হয় ৷

তেওঁ লগতে জানিবলৈ দিয়ে যে, পঞ্জাৱৰ ম'গা জিলাৰ নিৱাসী অভিযুক্ত ধৰ্মিন্দৰে জজবীৰ সিং চামৰা নামৰ এগৰাকী লোকৰ পৰা পাকিস্তানৰ পৰা সৰহবৰাহ হোৱা ড্ৰাগছ সমূহ সংগ্ৰহ কৰি স্থানীয় গ্ৰাহকক বিক্ৰী কৰিছিল ৷ জজবীৰ সিং আৰু দুগৰাকী লোকৰ পৰা 500 গ্ৰাম হেৰইন আৰু ড্ৰাগছ বিক্ৰিৰ 1,20,000 নগদ ধন জব্দ কৰাৰ ঘটনা সন্দৰ্ভত পূৰ্বেও নিয়াই 10 গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল ৷

নিয়াৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ কেএলএফৰ এগৰাকী নেতা হৰমিত সিং আৰু ডুবাইৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰহবৰাহকাৰী জচমিত সিঙে ড্ৰাগছ সৰহবৰাহ কাৰ্যত সংগ দি কেএলএফৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰি আহিছে ৷

লগতে পঢ়ক: কাশ্মীৰত গোচৰ ৰুজুৰ 6 ঘন্টাৰ ভিতৰত আটক ধৰ্ষণৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.