নিউজ ডেস্ক, 25 এপ্ৰিলঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ উদ্যোগত উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত অব্যাহত আছে অভিযান ৷ বিশ্বত্ৰাস আই এছ আই এছ সন্ত্ৰাসবাদীৰ সৈতে বিভিন্নজনৰ সংযোগ থকাৰ তথ্য লাভ কৰাৰ সময়তে ৰাজ্যখনত নিয়াই তৎপৰ কৰি তুলিছে তালাচী অভিযান ৷
উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ ইম্মা গাঁওত বুধবাৰে নিশা এক বিশেষ অভিযান চলায় নিয়াৰ এটি উচ্চপদস্থ দলে ৷ আই এছ আই এছ সন্ত্ৰাসবাদীৰ ওপৰত লাভ কৰা তথ্যৰ ভিত্তিতে এইদৰে এক তালাচী অভিযান চলাই দলটোৱে ৷ উল্লেখ্য যে, বিগত বৰ্ষত গাঁওখনৰ পৰা আই এছ আইএছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পাঁচগৰাকীকৈ লোকক আটক কৰিছিল নিয়া আৰু এটি এছৰ সংযুক্ত দলে ৷
শেহতীয়াকৈ শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে সংগঠনটোৱে ৷ আনহাতে ভাৰতৰ ইছলামিক সংখ্যাগৰিষ্ঠ অঞ্চল বিশেষকৈ হায়দৰাবাদকে ধৰি জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা আই এছ আই এছত যুৱ প্ৰজন্মই যোগদান কৰাৰ তথ্য চোৰাংচোৱাই লাভ কৰিছে ৷ হায়দৰাবাদ আৰক্ষীৰ নেতৃত্বত চহৰখনৰ কেইবাটাও স্থানত নিয়াই তালাচী চলাইছে আৰু বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷