নিউজ ডেস্ক,10 জুলাইঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই জব্দ কৰিছে জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা আছিয়া আন্দ্ৰাবিৰ বাসগৃহ ৷ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত নিয়াই জব্দ কৰে আন্দ্ৰাবিৰ বাসগৃহটো ৷
আছিয়া আন্দ্ৰাবিৰ বিৰুদ্ধে ভাৰতৰাষ্ট্ৰক লৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আছিল ৷ দীৰ্ঘদিন ধৰি নেতাগৰাকীয়ে নিজ গৃহৰ পৰা চলাই আহিছিল দুখতাৰান-ই-মিলাত নামৰ এক সংগঠন ৷ শেহতীয়াকৈ শ্ৰীনগৰত সংঘটিত এক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বে-আইনী কাৰ্যকলাপ(বিৰোধী) আইনৰ ধাৰা 25(I)ৰ অধীনত এক গোচৰ ৰুজু হৈছিল নেতাগৰাকীৰ বিৰুদ্ধে ৷ উক্ত গোচৰত নিয়াই জব্দ কৰে আছিয়া আন্দ্ৰাবিৰ বাসগৃহটো ৷