ETV Bharat / bharat

হাৰিয়ানা চৰকাৰলৈ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ

author img

By

Published : May 16, 2020, 2:28 PM IST

বৰ্ণবৈষম্যৰ বলি হোৱা এগৰাকী মণিপুৰী যুৱতীৰ অভিযোগৰ ভিত্তিত হাৰিয়ানা চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ৷

হাৰিয়ানা চৰকাৰলৈ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ
হাৰিয়ানা চৰকাৰলৈ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ

নিউজ ডেস্ক, 16 মে' : বিগত দেওবাৰে সন্ধিয়াৰ ভাগত গুৰুগ্ৰামৰ ফাইজাপুৰ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবেই এগৰাকী 20 বছৰীয়া যুৱতী আক্ৰমণৰ বলি হৈছিল ৷ বৰ্ণবৈষম্যমুলক আচৰণ আৰু এইদৰে আক্ৰমণ কৰাৰ পিচতেই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অপৰাধীক কাৰায়ত্ত কৰাৰ বিপৰীতে ওলোটাই যুৱতীগৰাকীক বুজাবুজি কৰিবলৈ কয় ৷ এনে অৱস্থাত যুৱতীগৰাকীয়ে North East Support Centre & Helpline (NESCH)ক সমগ্ৰ বিষয়টো অৱগত কৰায় ৷ এই সংস্থাৰ সহযোগতে যুৱতীগৰাকীয়ে তেওঁৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে এক লিখিত অভিযোগ দাখিল কৰে ৷ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্যৰ ভিত্তিক ইয়াক মানৱ অধিকাৰ উলংঘণ হৈছে বুলি আয়োগে প্ৰকাশ কৰে ৷ আৰক্ষীৰ ভূমিকাও এইক্ষেত্ৰত সন্দেহজনক আছিল, কিয়নো ন্যায় প্ৰদানৰ পৰিৱৰ্তে আৰক্ষীয়ে যুৱতীগৰাকীক বুজাবুজি কৰিবলৈ কৈছিল ৷ ইতিমধ্যে আয়োগে ঘটনা সন্দৰ্ভত হাৰিয়ানা চৰকাৰৰ মুখ্য সচিব, গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্তৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰি জাননী জাৰী কৰিছে ৷ ইয়াৰ উপৰিও আয়োগে জিলা প্ৰশাসনক যুৱতীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

বিগত দিনবোৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উত্তৰ-পূৱৰ ৰাইজৰ ওপৰত বৰ্ণবৈষম্যমুলক ঘটনা সংঘটিত হৈ আহিছে আৰু আৰক্ষীয়ে এইসকল লোকক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ যুৱতীগৰাকীৰ ক্ষেত্ৰটো আৰক্ষীয়ে ন্যায় প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ লগতে এনেকুৱা ঘটনা ৰোধ কৰাত বিফল হোৱা বুলি আয়োগে উল্লেখ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.