নিউজ ডেস্ক, 16 অক্টোবৰঃ দেশৰ সৈন্যবাহিনীত বৃহৎ হাৰে থলুৱা আৰু স্বদেশীয় প্ৰযুক্তিৰ সংযোজন ঘটোৱাৰ কথা উল্লেখ কৰে সেনাপ্ৰধান জেন. বিপিন ৰাৱাটে ৷ ভাৰতীয় সৈন্যবাহিনীয়ে পৰৱৰ্তী যুদ্ধত অৱতীৰ্ণ হ'বলৈ সম্পূৰ্ণ সাজু আছে আৰু স্বদেশীয় তথা থলুৱা প্ৰযুক্তিৰে পৰৱৰ্তী যুদ্ধত জয়লাভ কৰিব বুলি মন্তব্য কৰে সেনাপ্ৰধানগৰাকীয়ে ৷
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ 41সংখ্যক নিৰ্দেশক সমাৰোহত অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে সেনাপ্ৰধানগৰাকীয়ে ৷ "DRDOএ দেশৰ সৈন্যবাহিনীৰ বাবে থলুৱা প্ৰযুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ যদিহে আমি যুদ্ধত অৱতীৰ্ণ হ'ব লাগে DRDOৰ দ্বাৰা নিৰ্মিত স্বদেশীয় অস্ত্ৰপ্ৰণালীৰেই আমি যুদ্ধজয় কৰিবলৈ সক্ষম হম ৷ দেশৰ সুৰক্ষাৰ বাবে DRDOয়ে প্ৰয়োজনীয় সকলো সমাধান সূত্ৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ বাবে সেনাৰ তিনিওটা অংগই সহযোগিতা আগবঢ়াইছে ৷ যুদ্ধত অৱতীৰ্ণ হ'লে স্বদেশীয় অস্ত্ৰপ্ৰণালীৰেই আমাৰ জয়লাভ নিশ্চিত ৷" এইদৰে উল্লেখ কৰে সেনাপ্ৰধান তথা Chief Of The Staff Committeeৰ অধ্যক্ষ জেন. বিপিন ৰাৱাটে ৷
5 টাকৈ গৱেষণাগাৰ আৰু পৰীক্ষাগাৰৰ বৃহৎ নেটৱৰ্কৰ দ্বাৰা DRDOয়ে দেশৰ সৈন্যবাহিনীৰ লগতে সশস্ত্ৰ গৱেষণা আৰু উন্নয়নত ব্যাপত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ এৰ'নটিকছ, লেণ্ড কম্বেটিং ইঞ্জিনীয়াৰিং, আৰ্মামেন্টছ, ইলেকট্ৰনিকছ, মিছাইলকে ধৰি নাভেল ছিষ্টেমৰ ওপৰত বিশেষ উন্নয়ন সাধিবলৈ সক্ষম হৈছে সংস্থাই ৷ ভৱিষ্যতৰ যুদ্ধশৈলীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চাইবাৰ, স্পেচ টেকন'লজি, লেজাৰ, ইলেকট্ৰনিক ৱাৰফেয়াৰ আৰু ৰব'টিকছ যুদ্ধশৈলীৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধিক প্ৰাধান্য দি কাম কৰি আছে সংস্থাই ৷
যোৱাকালি অনুষ্ঠিত হৈ যোৱা DRDOৰ 41সংখ্যক নিৰ্দেশক সমাৰোহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল উপস্থিত আছিল ৷ সমাৰোহৰ আৰম্ভনিতে মিছাইল মেন তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক তেখেতৰ পূণ্য জন্মতিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে সমাৰোহত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷