নতুন দিল্লী, 9 এপ্ৰিলঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে 15 লাখ টকা ৰাইজৰ একাউণ্টত জমা দিব বুলি কোৱা নাছিল বুলি কয় ৷ তেওঁ কয় যে ‘আমি কেতিয়াও 15 লাখ টকা ৰাইজৰ একাউণ্টত জমা হ’ব বুলি কোৱা নাছিলো ৷ আমি কাৰ্যপন্থা অৱলম্বন কৰিম বুলিহে কৈছিলো ৷ ক’লা ধনৰ বিৰুদ্ধে কাম কৰি থকা হৈছে ৷ আমাৰ চৰকাৰে ক’লা ধনৰ অনুসন্ধানৰ বাবে স্পেচিয়েল ইনভেষ্টিগেটিং টীম গঠন কৰিছে যিয়ে এই সম্পূৰ্ণ বিষয়টো তদন্ত কৰি আছে’
2014 চনৰ লোকসভা নিৰ্বাচনত ক’লা ধনৰ বিষয়টো অন্যতম নিৰ্বাচনী ইচ্ছু আছিল বিজেপিৰ ৷ ৰাজনাথ সিঙৰ এই বিবৃতি বিৰোধী দল সমূহে ক’লা ধন উভতাই অনাটো এক ভুৱা আশ্বাস বুলি কৰা কটাক্ষৰ পিচত আহিছে ৷