ETV Bharat / bharat

নেপালত কেবল অপাৰেটৰ সকলে বন্ধ কৰি দিলে ভাৰতীয় নিউজ চেনেল - doordarshan

বৃহস্পতিবাৰৰ পৰা নেপালত বন্ধ কৰি দিয়া হ'ল ভাৰতীয় নিউজ চেনেল । নেপালৰ কেবল আৰু টেলিভিছন প্ৰভাইডাৰছে সদৰি কৰে এই কথা। কেবল অপাৰেটৰ সিদ্ধান্তৰ ভিত্তিতে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ।

নেপালত বন্ধ ভাৰতীয় নিউজ চেনেল
নেপালত বন্ধ ভাৰতীয় নিউজ চেনেল
author img

By

Published : Jul 10, 2020, 12:07 PM IST

নিউজ ডেস্ক, ১০ জুলাইঃ নেপালত বন্ধ কৰি দিলে ভাৰতৰ সকলো নিউজ চেনেলৰ ছিগনেল। দূৰদৰ্শনক বাদ সকলো নিউজ চেনেল ছিগনেল কৰ্তন কৰি দিয়ে বুলি বৃহস্পতিবাৰে সদৰি কৰে নেপালৰ কেবল আৰু টেলিভিছন প্ৰভাইডাৰছে । লগতে এই সিদ্ধান্ত নেপাল চৰকাৰৰ নহয় বুলি মত ব্যক্ত কৰাৰ লগতে এই সন্দৰ্ভত নেপাল চৰকাৰ কোনো বিষয়ববীয়াই বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ বিবৃতি জাৰী কৰা নাই বুলিও সদৰি কৰে নেপালৰ কেবল আৰু টেলিভিছন প্ৰভাইডাৰছে ।

নেপালত বন্ধ ভাৰতীয় নিউজ চেনেল
নেপালত কেবল অপাৰেটৰ সকলে বন্ধ কৰি দিলে ভাৰতীয় নিউজ চেনেল

খবৰ অনুসৰি,কেবল অপাৰেটৰ সকলে নিজেই ভাৰতীয় টিভি চেনেল সমূহ কৰ্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে,কেৱল নিউজ চেলেনসমূহে নেপালত বন্ধ কৰা হৈছে। মনোৰঞ্জনধৰ্মী চেলেন সমূহ বৰ্তমানেও বন্ধ কৰা নাই নেপালত । দুয়োখন দেশৰ মাজত চলা মতভেদৰ বাবেই এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে নেপালৰ কেবল আৰু টেলিভিছন প্ৰভাইডাৰছে । "ওলি বনাম প্ৰছণ্ড" সংঘৰ্ষৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই যদিও নেপালত এনেদৰে নিউজ চেনেল সমূহ বন্ধ কৰি দিয়া বিষয়টো ৰাষ্ট্ৰবাদী ।

আনহাতে,এগৰাকী কেবল অপাৰেটৰে ইটিভি ভাৰতৰ আগত মত প্ৰকাশ কৰা অনুলৰি, ভাৰতীয় দূৰদৰ্শনত দেখুওৱা বাতৰিসমূহে নেপাল চৰকাৰ আৰু নেপালী লোকৰ সংস্কৃতি অপমান কৰে । লগতে আমাৰ মানচিত্ৰক সন্মান নকৰে ।

লগতে চাওকঃ নাইট ক্লাৱত মৃত্যু এগৰাকী যুৱতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.