নিউজ ডেস্ক, 4 আগষ্টঃ বানত ককবকাইছে লাখ লাখ জনতাই। অসম, বিহাৰ, মহাৰাষ্ট্ৰৰ পিচতে এইবাৰ গুজৰাটত বানে লৈছে ভয়ংকৰ ৰূপ ৷ দিশহাৰা হৈ পৰিছে বন্যজন্তু ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ঢাপলি মেলিছে জীৱ-জন্তুৱে ৷শেহতীয়াকৈ গুজৰাটত হোৱা বানপানীৰ ফলত ৰাজ্যখনৰ বদোডৰাৰ আৱাসিক অঞ্চললৈ ওলাই আহিছে বহুকেইটা ঘৰিয়াল ৷
চহৰখনৰ এক ব্যস্ত আৱাসিক এলেকাত বানত উটি অহা এটি ঘৰিয়ালে সৃষ্টি কৰে ত্ৰাসৰ ৷ ইয়াকে লৈ স্থানীয় জনসাধাৰণৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকা এনডিআৰএফ বাহিনীৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ঘৰিয়ালটো ৷