ETV Bharat / bharat

অন্ধ্ৰ-উৰিষ্যা সীমান্তত জব্দ ৫,৪৭৭ কিঃগ্ৰাঃ গাঞ্জা - হায়দৰাবাদ

২ জুলাইত বিজয়ৱাড়াত অন্ধ্ৰপ্ৰদেশৰ পঞ্জীয়ণ থকা এখন ট্ৰাকৰ পৰা 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো'ই জব্দ কৰিছিল ৫১৫ কিলোগ্ৰাম গাঞ্জা । এই ঘটনাত জড়িত থকাৰ অভিযোগত ২ জন লোকক আটক কৰা হৈছিল ।

ganja
NCB seizes 5,477 kg of ganja from Andhra Pradesh-Odisha border
author img

By

Published : Jul 9, 2020, 4:13 PM IST

নিউজ ডেস্ক, ৯ জুলাইঃ অন্ধ্ৰ প্ৰদেশ-উৰিষ্যা সীমান্তত 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো' (Narcotics Control Bureau)ই জব্দ কৰে ৫,৪৭৭ কিলোগ্ৰাম গাঞ্জা । 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো'ই বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । প্ৰাপ্ত খবৰ অনুসৰি উক্ত অঞ্চলৰ পৰা দেশৰ বিভিন্ন অঞ্চললৈ গাঞ্জা সৰবৰাহ হৈ আহিছিল ৷

দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলটোত চলোৱা অভিযানৰ ফলত ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তলৈ গাঞ্জা সৰবৰাহ কৰা বহুকেইটা গাঞ্জা সৰবৰাহকাৰী দলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে । উক্ত অঞ্চলত অধিকাংশ গাঞ্জা ৰাষ্ট্ৰীয়ভাৱে অনুমতিপ্ৰাপ্ত ট্ৰাকৰ পৰা জব্দ কৰা হয় বুলি জানিব পৰা গৈছে । মে ' মাহৰ শেষৰটো সপ্তাহৰ পৰা জুলাইৰ প্ৰথম সপ্তাহলৈকে উক্ত অঞ্চলৰ পৰা মুঠ ৫,৪৭৭ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছে । অভিযানৰ সময়ত চাৰিখন বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি । ইফালে, এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ১৩ গৰাকী অভিযুক্তক আটক কৰা হয় ।

উল্লেখ্য যে, ২ জুলাইত বিজয়ৱাড়াত অন্ধ্ৰপ্ৰদেশৰ পঞ্জীয়ণ থকা ১৪ চকীয়া ট্ৰাকৰ পৰা 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো'ই জব্দ কৰিছিল ৫১৫ কিলোগ্ৰাম গাঞ্জা । এই ঘটনাত জড়িত থকাৰ অভিযোগত ২ জন লোকক আটক কৰা হৈছিল ।

NCB seizes 5,477 kg of ganja from Andhra Pradesh-Odisha border
অন্ধ্ৰ-উৰিষ্যা সীমান্তত জব্দ ৫,৪৭৭ কিঃগ্ৰাঃ গাঞ্জা

ইয়াৰ পাছত, ২৮ জুনত কলকাতাৰ ধুলাগড় ট'ল প্লাজাৰ সমীপত 'মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো'ই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১,১৩৩.২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । উক্ত অঞ্চলত গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ৩ জন লোকক আটক কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়কঃ কোভিড আৰোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব চিন্নাস্বামী ষ্টেডিয়ামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.