ETV Bharat / bharat

কোচিত নৌ সেনাৰ ট্ৰেইনিং গ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত, দুজনৰ মৃত্যু - নৌ সেনা বাহিনীৰ এখন ট্ৰেইনিং গ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত

কোচিত দুৰ্ঘটনাগ্ৰস্ত নৌ সেনাৰ এখন ট্ৰেইনিং গ্লাইডাৰ ৷ নিহত দুই নৌসেনা বিষয়া ৷ দেওবাৰে পুৱাই দক্ষিণ নাভেল কামাণ্ড (এচএনজি)ৰ ট্ৰেইনিং গ্লাইডাৰ খন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ নিহত দুই সেনা বিষয়া ক্ৰমে লেফটেনেন্ট ৰাজীৱ ঝা আৰু পেটি অফিচাৰ সুনিল কুমাৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ ৷

কোচিত নৌ সেনাৰ ট্ৰেইনিং গ্লাইড দুৰ্ঘটনাগ্ৰস্ত, দুজনৰ মৃত্যু

author img

By

Published : Oct 4, 2020, 12:50 PM IST

Updated : Oct 4, 2020, 3:27 PM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : নৌ সেনা বাহিনীৰ এখন ট্ৰেইনিং গ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাটোত দুগৰাকী নৌ সেনা বিষয়াৰ মৃত্যু ৷ দেওবাৰে ৰাতিপুৱা কোচিত দৈনিক উৰণৰ সময়তে দক্ষিণ নাভেল কামাণ্ড (এচএনজি) ৰ ট্ৰেইনিং গ্লাইডাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে দুই নৌ সেনা বিষয়াৰ মৃত্যু হৈছে ৷

আইএনএচ গাৰোদাৰ পৰা উৰাজাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু নাভেল বেচৰ কাষত থপ্পুমপডি দলঙৰ কাষত বিধস্ত হৈ পৰে ৷ নিহত দুই সেনা বিষয়াক লেফটেনেন্ট ৰাজীৱ ঝা আৰু পেটি অফিচাৰ সুনিল কুমাৰ বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুয়োগৰাকী বিষয়াক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আইএনএচ সঞ্জিৱনীত দুয়োজনে শেষ নিশ্বাস ত্যাগ কৰে ৷ দক্ষিণ নাভেল কামাণ্ড (এচএনজি)য়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ নৌ-সেনাৰ যৌথ নৌ-সামৰিক অনুশীলন

Last Updated : Oct 4, 2020, 3:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.