ETV Bharat / bharat

নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ

author img

By

Published : Jan 28, 2021, 3:16 PM IST

আন্তঃৰাষ্ট্ৰীয় টেলিভিশ্বন সংস্থা নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন হ’ব সূৰ্যোদয়ৰ ৰাজ্য, সীমাহীন সেউজীয়া পাহাৰ আৰু ৰঙা নদীৰ সৌন্দৰ্যৰে ভৰা অৰুণাচলৰ সৌন্দৰ্য ৷

নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ
নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ

নিউজ ডেস্ক, 28 জানুৱাৰী : সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে হাতত লৈছে বিশেষ পদক্ষেপ ৷ আন্তঃৰাষ্ট্ৰীয় টেলিভিশ্বন সংস্থা নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলৰ সহযোগত সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব সূৰ্যোদয়ৰ ৰাজ্য, সীমাহীন সেউজীয়া পাহাৰ আৰু ৰঙা নদীৰ সৌন্দৰ্যৰে ভৰা অৰুণাচলক ৷

লগতে পঢ়ক : দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

ইতিমধ্যে ইয়াৰ বাবে নেশ্বনেল জিঅ’গ্ৰাফিকে সমগ্ৰ অৰুণাচলতে দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে ‘Post Cards from Arunachal’ নামে এখন তথ্যচিত্ৰৰ ৷ তথ্যচিত্ৰখনত অৰুণাচলৰ সীমাহীন প্ৰাকৃতিক সৌন্দৰ্য, স্থানীয় জনগোষ্ঠী, জনগোষ্ঠীসমূহৰ সীমাহীন সাংস্কৃতিক সংস্কৃতি, খাদ্যাভ্যাস আৰু ভৌগলিক মহত্বৰ বিষয়ে জানিব পাৰিব বিশ্ববাসীয়ে ৷

‘Post Cards from Arunachal’ প্ৰদৰ্শিত হ’ব Nat Geo ত

এক শৃংখলাত তথ্যচিত্ৰখন 20 ফেব্ৰুৱাৰীৰ পৰা সম্প্ৰচাৰ কৰিব নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলে ৷ তথ্যচিত্ৰখনৰ দ্বাৰা অৰুণাচলৰ পৰ্যটন খণ্ডই অধিক লাভাম্বিত হ’ব বুলি আশাবাদী অৰুণাচলৰ চৰকাৰ ৷ এই সন্দৰ্ভত নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলৰ বানীবন্ধন দলটোৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী পেমা খান্ডু ৷ টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.