ETV Bharat / bharat

জাতীয় পতাকা গ্ৰহণ দিৱস - মাউণ্ট এভাৰেষ্ট

বিশ্বৰ প্ৰতিখন স্বাধীন দেশৰে নিজা নিজা পতাকা আছে । এখন স্বাধীন দেশৰ পৰিচয় এয়া । ভাৰতৰ ত্ৰিৰংগ জাতীয় পতাকাখন পঠালি আকৃতিৰ । সমান আকাৰত পতাকাখনত ওপৰত গেৰুৱা ৰং, মাজত বগা আৰু তলত ডাঠ সেউজীয়া ৰং আছে । বগা ৰঙৰ কেন্দ্ৰত আকাশী নীলা ৰঙৰ দণ্ড আছে যিয়ে চক্ৰৰ প্ৰতীক উপস্থাপন কৰে । এই চক্ৰটো অশোকাস্তম্ভৰ সাৰনাথ সিংহত থকা চক্ৰৰ পৰা লোৱা হৈছে । চক্ৰটোত ২৪ ডাল দণ্ড আছে ।

National Flag Adoption Day
National Flag
author img

By

Published : Jul 22, 2020, 8:29 AM IST

পতাকা গ্ৰহণ দিৱস : কোটি কোটি ভাৰতীয় লোকেৰে গঠিত সমগ্ৰ ভাৰত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা ভাৰতৰ জাতীয় পতাকাখনৰ বিষয়ে সজাগ কৰি তুলিবলৈ ২২ জুলাইৰ দিনটো পতাকা গ্ৰহণ দিৱস হিচাপে পালন কৰা হয় । ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল । এই স্বাধীনতাৰ ফলত সকলো লোকে দেশৰ সকলো প্ৰান্ততে মুকলিকৈ চলন-ফুৰণ কৰাৰ অধিকাৰ লাভ কৰিছিল । এই দিৱস পালনৰ জৰিয়তে আমি আমাৰ জাতীয় পতাকা গ্ৰহণৰ দিনটো মনত পেলাওঁ, আমাৰ মনৰ পৰা সশ্ৰদ্ধ সেৱা জনাওঁ বা আমাৰ নতুন প্ৰজন্মক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অৱগত কৰোঁ ।

National Flag Adoption Day
১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাই ভাৰতৰ জাতীয় পতাকক স্বীকৃতি প্ৰদান কৰে

কিয় জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় ?

২২ জুলাইত জাতীয় পতাকাৰ ত্ৰিৰংগ গ্ৰহণ কৰাৰ দিনটো মনত পেলোৱাৰ উদ্দেশ্যে জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় । ভাৰতৰ জাতীয় পতাকাৰ ত্ৰিৰংগ গ্ৰহণ কৰা হৈছিল দেশভক্তিৰ প্ৰকৃত অৰ্থক প্ৰতিনিধিত্ব কৰাৰ লগতে ভাৰতীয়সকল বিশেষকৈ যুৱক-যুৱতী বা ভৱিষ্যত প্ৰজন্মৰ মাজত থকা সম্ভাৱনা আৰু শক্তিক প্ৰকাশ কৰাৰ উদ্দেশ্যে । জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰাৰ আন এটা উদ্দেশ্যও আছে । সেয়া হ’ল ৰাইজক ভাৰতৰ পতাকাখনৰ গুৰুত্বৰ বিষয়ে সজাগ কৰি তোলাৰ উপৰি পতাকাখনৰ সৈতে জড়িত ইতিহাস সম্পৰ্কে জনোৱা । সকলোৱে ভাৰতৰ জাতীয় পতাকাখনক সন্মান জনাব লাগে । কিয়নো পতাকাখনে সমগ্ৰ দেশখনক প্ৰতিনিধিত্ব কৰে ।

National Flag Adoption Day
এখন স্বাধীন দেশৰ পৰিচয় এয়া

ভাৰতৰ জাতীয় পতাকা গ্ৰহণ দিৱসৰ ইতিহাস :

পিংগালি ভেংকায়াই নক্সা তৈয়াৰ কৰা ভাৰতৰ জাতীয় পতাকাখনে প্ৰথমে ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ এক বৈঠকত অনুমোদন লাভ কৰিছিল । তেতিয়াৰে পৰা ২২ জুলাইৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় পতাকা গ্ৰহণ দিৱস পালন কৰা হয় । যেতিয়া সংবিধান সভাৰ বৈঠকত ভাৰত ৰাষ্ট্ৰৰ পতাকা হিচাপে পতাকাখনক স্বীকৃতি প্ৰদান কৰা হৈছিল তেতিয়াৰে পৰা বৰ্তমানৰ ভাৰতীয় জাতীয় পতাকাখন কাৰ্যকৰী হৈ উঠে ।

National Flag Adoption Day
শ্ৰী পিংগালি ভেংকায়া

জাতীয় পতাকাৰ বিৱৰ্তন :

প্ৰথম পতাকা : তেতিয়াৰ কলিকতা আৰু বৰ্তমানৰ কলকাতাৰ পাৰ্চী বাগান স্কোৱেৰত (গ্ৰীন পাৰ্ক) ১৯০৬ চনৰ ৭ আগষ্টত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় বা জাতীয় পতাকা উত্তোলন কৰা হৈছিল বুলি কোৱা হয় । ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙেৰে আয়ত আকৃতিৰ এই পতাকাখন আছিল ।

দ্বিতীয় পতাকা : দ্বিতীয় পতাকাখনক কোৱা হয় সপ্তৰ্ষি পতাকা । ১৯০৭ চনৰ ২২ আগষ্টত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছৰ ষ্টুটগ্ৰেটত এই পতাকাখন উত্তোলন কৰা হৈছিল বুলি জনা যায় ।

National Flag Adoption Day
ভাৰতৰ ত্ৰিৰংগ পতাকা

তৃতীয় পতাকা : আমাৰ স্বাধীনতা সংগ্ৰামে যেতিয়া গতি লাভ কৰিছিল তেতিয়াই ১৯১৭ চনত তৃতীয়খন পতাকা উত্তোলন কৰা হৈছিল । ডাঃ এনী বেচাণ্ট আৰু লোকমান্য তিলকে হোমৰুল আন্দোলনৰ সময়ত এই পতাকাখন উত্তোলন কৰিছিল । এই পতাকাখনত পাঁচটা ৰঙা স্তৰ আৰু চাৰিটা সেউজীয়া স্তৰ থকাৰ লগতে সপ্তৰ্ষিৰ দৰে প্ৰত্যেকতে সাতটা তৰা আছিল । বাওঁফালে ওপৰত আছিল ইউনিয়ন জেক । বগা ৰঙৰ এটা কাঁচীজোনৰ লগতে এটা কোণত তৰা এটাও আছিল ।

চতুৰ্থ পতাকা : অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাড়াৰ বাসিন্দা আছিল শ্ৰী পিংগালি ভেংকায়া । তেওঁ প্ৰস্তুত কৰা ভাৰতৰ চতুৰ্থখন পতাকাত আছিল দুটা ৰং—ৰঙা আৰু সেউজীয়া । এই দুটা ৰঙে দেশৰ মূল দুটা ধৰ্মাৱলীম্বী লোকৰ সমাজক সূচাইছিল । সেয়া হ’ল হিন্দু আৰু মুছলমান । ভাৰতৰ আন সম্প্ৰদায়ৰ লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ আন এটা বগা অংশৰ লগতে প্ৰগতিক বুজাবলৈ এটা যতৰ সংযোজন কৰাৰ বাবে গান্ধীজীয়ে পৰামৰ্শ দিছিল ।

National Flag Adoption Day
ভাৰতৰ চতুৰ্থখন পতাকা

পঞ্চম পতাকা : ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ইতিহাসত ১৯৩১ চনটো অবিস্মৰণীয় । এখন তিনিবৰণীয়া পতাকাক আমাৰ জাতীয় পতাকা হিচাপে গ্ৰহণ কৰি এক প্ৰস্তাৱ গৃহীত কৰা হয় । বৰ্তমানৰ পতাকাখনৰে প্ৰাৰম্ভিক ৰূপ এই পতাকাখনত আছিল গেৰুৱা, বগা আৰু সেউজীয়াৰ লগতে কেন্দ্ৰত মহাত্মা গান্ধীৰ যঁতৰটো । এই পতাকাখনৰ কোনো সাম্প্ৰাদিয়ক অৰ্থ নাই বুলি স্পষ্টকৈ ঘোষণা কৰা হৈছিল ।

বৰ্তমানৰ পতাকাখন :

ত্ৰিৰংগা : ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাই এই পতাকাখনক স্বাধীন ভাৰতৰ জাতীয় পতাকাৰ স্বীকৃতি প্ৰদান কৰে । স্বাধীনতাৰ পাছত এই পতাকাখনৰ ৰং আৰু ইয়াৰ তাৎপৰ্যও একে থাকে । মাত্ৰ পতাকাখনৰ মাজতভাগত প্ৰতীক হিচাপে যঁতৰৰ সলনি সম্ৰাট অশোকৰ ধৰ্ম চক্ৰটো সংযোজন কৰা হয় । এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পতাকাখন স্বাধীন ভাৰতৰ পতাকা হৈ পৰে ।

National Flag Adoption Day
ভাৰত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা ভাৰতৰ জাতীয় পতাকাখন

পতাকাখনৰ তাৎপৰ্য :

প্ৰথম অংশ :

গেৰুৱা : দেশৰ শক্তি আৰু সাহসক সূচায় ।

দ্বিতীয় অংশ :

শুকুলা : ধৰ্ম চক্ৰৰ সৈতে শান্তি আৰু সত্যক বুজায় । ধৰ্ম চক্ৰত ২৪ ডাল দণ্ড থাকে । তৃতীয় শতিকাৰ শাসক সম্ৰাট অশোকৰ ধৰ্ম চক্ৰই ন্যায়ক প্ৰতিনিধিত্ব কৰে । চক্ৰটোৱে জীৱনত থকা গতি আৰু মৃত্যুৰ স্থৱিৰতাক সূচায় ।

২৪ ডাল দণ্ডৰ অৰ্থ : প্ৰেম, ধৈৰ্য, উদাৰতা, বিশ্বাসযোগ্যতা, স্বাৰ্থহীনতা, আত্মত্যাগ, শুদ্ধতা, দয়া, নম্ৰতা, মমতা, নৈতিক গুণ, ভগৱানৰ প্ৰতি ভয়, আস্থা/আশা, সহানুভূতি, বিশ্বাস, সংযম, ভদ্ৰতা, ন্যায়, সত্যতা, আত্ম নিয়ন্ত্ৰণ, মহানতা, শান্তিপ্ৰিয়, কল্যাণ আৰু সাহস ।

তৃতীয় অংশ :

সেউজীয়া : এই অংশটোৱে ভূমিৰ উৰ্বৰতা, বিকাশ আৰু পৱিত্ৰতাক সূচায় ।

ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে আমোদজনক তথ্য :

১৯৫৩ চনৰ ২৯ মে’ত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল । জাৰ্মানীৰ ষ্টুটগ্ৰেটত ১৯০৭ চনৰ ২২ আগষ্টত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি মেডাম ভাইকাজী ৰুষ্টম কামা হৈ পৰিছিল বিদেশৰ ভূমিত ভাৰতৰ পতাকা উত্তোলন কৰা প্ৰথমগৰাকী লোক । উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই ১৯৮৪ চনত যেতিয়া মহাকাশলৈ গৈছিল তেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰথমবাৰৰ বাবে মহাকাশলৈ নিয়া হৈছিল । ৰাকেশ শৰ্মাৰ সা-সামগ্ৰীৰ সৈতে পতাকাখনো নিয়া হৈছিল । শৰ্মাই ভাৰতীয় মহাকাশচাৰী হিচাপে মহাকাশ অভিযানত ভাগ লৈছিল ।

লগতে পঢ়ক : কাৰাগাৰৰ ভিতৰত আত্মহত্যাৰ চেষ্টা ৰাজীৱ গান্ধী হত্য়াকাণ্ডৰ দোষী নলিনী শ্ৰীহৰনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.