1948 চনৰ 30 জানুৱাৰীত নতুন দিল্লীৰ বিৰলা হাউচলৈ সাপ্তাহিক প্ৰাৰ্থনা সভাৰ বাবে গৈছিল গান্ধীজী ৷ ইয়াতেই তেখেতৰ ওপৰত আক্ৰমণ কৰা হৈছিল ৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ এবছৰৰো কম সময়ৰ ভিতৰতে গান্ধীজীৰ মৃত্যু হয়, যিয়ে সমগ্ৰ দেশবাসীকে স্তব্ধ কৰি তুলিছিল ৷ গান্ধীজীৰ হত্যাকাৰী নাথুৰাম গড্চেয়ে পিস্তল ক্ৰয় কৰি মধ্য প্ৰদেশৰ গোৱালিয়ৰত উক্ত কাৰ্যৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷
1948 চনৰ 20 জানুৱাৰীত জাতিৰ পিতাক হত্যা কৰাৰ প্ৰয়াসত ব্যৰ্থ হৈ নাথুৰাম গড্চে গোৱালিয়ৰলৈ আহে ৷ হিন্দু মহাসভাৰ নেতাসকলৰ সহায়ত গড্চেয়ে 500 টকাত এটা পিস্তল ক্ৰয় কৰি তাৰে প্ৰশিক্ষণ আৰম্ভ কৰে ৷ 29 জনুৱাৰীত গড্চে দিল্লীত উপস্থিত হয় আৰু 30 জানুৱাৰীৰ দিনা গান্ধীজীক বুকু আৰু পেটত তিনিটা গুলিৰে গুলিবিদ্ধ কৰে৷ গান্ধীজীৰ মৃত্যুক সেইসময়ত হিন্দু মহাসভাৰ সদস্যসকলে তেওঁলোকৰ বিজয় দিৱস হিচাপে উদযাপন কৰিছিল৷ জাতিৰ পিতাৰ হত্যাকৰী নাথুৰাম গড্চে হিন্দু মহাসভাৰ বাবে নায়ক স্বৰূপ হৈ পৰিছিল৷ 1949 চনৰ 15 নৱেম্বৰত গড্চেক ফাঁচী দিয়া হয় ৷ উক্ত দিনটোক হিন্দু মহাসভাৰ সদস্য সকলে ‘বলিদান দিৱস’ হিচাপে উদযাপন কৰে৷ গান্ধীজীৰ হত্যাত ড৹ পৰচুৰে আৰু তেখেতৰ সম্পৰ্কীয় গংগাধৰ দণ্ডাৱতৰ বিশেষ ভূমিকা আছিল ৷ গড্চেই তেখেতৰ পৰা বন্দুক সংগ্ৰহ কৰে কাৰণ সেই সময়ত বন্দুক ৰাখিবৰ বাবে লাইচেঞ্চৰ কোনো প্ৰয়োজন নাছিল৷ অহিংসাৰ প্ৰৱৰ্তক গান্ধীজীৰ গড্চেৰ গুলিত মৃত্যু হোৱাটো ইতিহাসৰ বাবে এক ডাঙৰ বিড়ম্বনা ৷ গান্ধীজীৰ হত্যাই দেশত এক তাৎক্ষণিক আৰু স্থায়ী প্ৰভাৱ পেলাইছিল ৷