ETV Bharat / bharat

উত্তৰ-পূৱৰ 22 গৰাকী বিদ্ৰোহীক ভাৰতৰ হাতত গতালে ম্যানমাৰে

22 গৰাকী উত্তৰ-পূৱ ভাৰতৰ বিদ্ৰোহীৰ ভিতৰত আছে "নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড(ছ)" চমুকৈ NDFB(S) শীৰ্ষস্তৰীয় নেতাৰ লগতে আন আন সদস্য । ম্যানমাৰ সেনাই ভাৰতৰ হাতত এই বিদ্যোহী সকলক গতাই দিয়ে । বিশেষ বিমানেৰে আনি তেওঁলোকক মণিপুৰ আৰু অসম আৰক্ষীৰ হাতত গতাই দিয়া হয় ।

author img

By

Published : May 16, 2020, 1:18 PM IST

উত্তৰ-পূৱৰ 22 গৰাকী বিদ্ৰোহীক ভাৰতৰ হাতত গতালে ম্যানমাৰে
উত্তৰ-পূৱৰ 22 গৰাকী বিদ্ৰোহীক ভাৰতৰ হাতত গতালে ম্যানমাৰে

নিউজ ডেস্ক, 16 মে': ম্যানমাৰ সেনাই শুকুৰবাৰে ভাৰতক গতালে "নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বড়োলেণ্ড(ছ)" চমুকৈ NDFB(S)ৰ শীৰ্ষস্তৰীয় নেতাকে ধৰি উত্তৰ পূৱ ভাৰতৰ 22 জন বিদ্ৰোহীক । এগৰাকী বিষয়াই অৱগত কৰা অনুসৰি ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ তত্বাবধানত চলা গোপন অভিযানত এওলোকক ভাৰতৰ হাতত অৰ্পন কৰে ।

এখন বিশেষ বিমানেৰে তেওঁলোকক ভাৰতলৈ অনা হয় আৰু তাৰ পাচতেই অসম আৰু মণিপুৰ আৰক্ষীৰ হাতত গতাই দিয়া হয় ।

চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ এয়াই প্ৰথম বিদ্ৰোহী হস্তান্তৰৰ ঘটনা । ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ নেতৃত্বত চলা ম্যানমাৰ সেনাৰ লগত আলোচনাৰ ফলস্বৰূপে এই সকল বিদ্ৰোহীক হস্তান্তৰ কৰে ম্যানমাৰ সেনাই । এইয়া এক অভুতপূৰ্ব কূটনৈতিক সফলতা বুলি তেওঁলোকে উল্লেখ কৰে ।

এই ঘটনাটোক চুবুৰীয়া দেশ দুয়োখনৰে কূটনীতি আৰু সেনাৰ যোটবন্ধনৰ চিন বুলি তেওঁলোকে প্ৰকাশ কৰে ।

22 জন বিদ্ৰোহীৰ 10 জন মণিপুৰৰ আৰু বাকী কেইজন অসমৰ । আৰক্ষীয়ে তেওঁলোকৰ বাবে কৰ'ণা ভাইৰাছ সম্পৰ্কীয় স্বাস্থ্যৰ প্ৰট'কল মানি চলি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.