ETV Bharat / bharat

মছজিদলৈ ৰূপান্তৰিত মুম্বাইৰ গ্ৰাণ্ট ৰোড বেশ্যালয় ভৱন

মুম্বাইৰ গ্ৰাণ্ট ৰোড এলেকাত থকা বেশ্যালয়টোৰ এতিয়া অন্য এক পৰিচয় ৷ 20 বছৰৰ দীঘলীয়া সংঘৰ্ষৰ অন্তত কাষৰীয়া গ্ৰাণ্ট ৰোড নামৰ এক মছজিদৰ সৈতে সংলগ্ন কৰা হয় বেশ্যালয়টো ৷ ইয়াৰ ফলস্বৰূপে বৃহৎ আকাৰৰ হৈ পৰে গ্ৰাণ্ট ৰোড নামৰ মছজিদটো ৷

author img

By

Published : Oct 21, 2020, 1:14 PM IST

Mumbais Grant Road brothel building converts into a place of worship
মছজিদলৈ ৰূপান্তৰিত মুম্বাইৰ গ্ৰাণ্ট ৰোড বেশ্যালয় ভৱন

নিউজ ডেস্ক,21 অক্টোবৰ : মুম্বাইৰ ঐতিহাসিকভাৱে বেশ্যালয় হিচাপে পৰিচিত আৰু তাত থকা যৌন কৰ্ম সম্বন্ধিত সামগ্ৰী উপলব্ধ বজাৰৰ এটি গ্ৰাণ্ট ৰোড এলেকা ৷ সম্প্ৰতি সম্পূৰ্ণৰূপে সলনি হৈছে এলেকাটোৰ পৰিচয় ৷

স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইমাৰত ক্ৰয় কৰাৰ পাচতে এই পৰিৱৰ্তন পৰিলক্ষিত হয় ৷ উল্লেখ্য যে,পূৰ্বে ইয়াত এক কুখ্যাত বেশ্যালয়ৰ সঞ্চালন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ইয়াক কাষৰীয়া গ্ৰাণ্ট ৰোড নামৰ এক মছজিদৰ সৈতে সংলগ্ন কৰা হয় ৷

এই মছজিদটো মুম্বাইৰ দ্যা গ্ৰাণ্ট ৰোড এলেকাৰ ষ্টেচন আৰু ব্ৰোথেল বিল্ডিঙৰ পিছফালে অৱস্থিত ৷ অৱশেষত 20 বছৰৰ দীঘলীয়া সংঘৰ্ষৰ অন্তত এগৰাকী স্থানীয় নিৱাসীয়ে বেশ্যালয়টো মছজিদলৈ সমৰ্পণ কৰে ৷ নতুন ভৱনটো লাভ কৰাৰ পাচত মছজিদ কৰ্তৃপক্ষই ভৱনটো মছজিদৰ সৈতে সংলগ্ন কৰে ৷

মছজিদ কৰ্তৃপক্ষই ইয়াক নতুন নাম দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে ৷ প্ৰথমতে মছজিদটোৰ আকাৰ সৰু আছিল যদিও এই ভৱনটো সংলগ্ন কৰাৰ পাচত এইটো এটা ডাঙৰ মছজিদলৈ ৰূপান্তৰিত হয় ৷ মছজিদটোৰ অন্যতম কৰ্তৃপক্ষ আছলাম খালছিয়ে এই কথা উল্লেখ কৰে ৷

গ্ৰাণ্ট ৰোডৰ উপৰিও অন্য ঠাই যেনে প্লেহাউছ,লেমিংটন ৰোড,কামাথীপুাৰোডক কুখ্যাত ৰেড-লাইট এলেকা হিচাপে জনা যায় ৷ কিন্তু বেশ্যাবৃত্তিৰ বজাৰ বন্ধ হৈছে নে নাই,তাক লৈ এতিয়াও সুনিশ্চিত নহয় এলেকাৰ নিৱাসীসকল ৷

লগতে পঢ়ক : COVID-19ৰে যুঁজি মৃত্যুক আঁকোৱালি ল'লে ৩৪৩গৰাকী আৰক্ষীয়ে: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.