নেশ্যনেল ডেস্ক, 22 জানুৱাৰীঃ মহাৰাষ্ট্ৰ মন্ত্ৰীমণ্ডলে বুধবাৰে ‘মুম্বাই 24’ নীতিৰ মঞ্জুৰী প্ৰদান কৰে ৷ যিয়ে অহা 27 জানুৱাৰীত মুম্বাই মহানগৰীৰ মল, মাল্টিপ্লেক্স তথা দোকান খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰে ৷
লণ্ডনৰ নিশাৰ অৰ্থনীতি ‘পাঁচ বিলিয়ন পাউণ্ড’ হোৱা হেতুকে মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী আদিত্য থাকৰে মন্ত্ৰীমণ্ডলেৰে আলোচনাৰ পিচত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইয়াৰ জৰিয়তে অধিক ৰাজহ সংগ্ৰহ আৰু অধিক নিয়োগৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে ৷ তেওঁ উল্লেখ কৰে যে নিশা সকলো দোকান, মল তথা ভোজনালয়সমূহ খোলা ৰখা অনিবাৰ্য ৷ আনহাতে প্ৰথমাৱস্থাত অনা আৱাসিক ক্ষেত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকহে ইয়াৰ অন্তৰ্ভুক্ত কৰিব ৷
এনপিচিএৰ ওচৰৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্স আৰু নৰিমন পইন্টত খাদ্য হাস্পতালৰ বাবে এটা নতুন লেন খুলিব বুলিও প্ৰকাশ কৰে ৷ খাদ্য নিৰীক্ষকে এই ক্ষেত্ৰত নিৰীক্ষণ ৰাখিব ৷ ইয়াৰ লগতে তেওঁ কয় যে নিশাৰ খোলা প্ৰতিষ্ঠানসমূহত আৰক্ষী নিয়োগ কৰা হ’ব ৷ ইয়াৰোপৰি তেওঁ কয় যে নিশা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ বাবে বহুত ক্ষেত্ৰত ইয়াৰ সুবিধা জনসাধাৰণে ভোগ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে মুম্বাই এখন 24*7 কাৰ্যক্ষম মহানগৰী ৷ এই মহানগৰীত সম্পূৰ্ণ 24 ঘন্টা কাম কৰি থকা বহুতো প্ৰতিষ্ঠান আছে ৷ লগতে পৰ্যটকসকলৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
আৰু পঢ়কঃগণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে দেখা যাব মহিলা বাইকাৰ্ছ দল