ETV Bharat / bharat

মুম্বাই আৰক্ষীৰ ওপৰত মোৰ বিশ্বাস নাইঃ অভিনেত্ৰী তনুশ্ৰী দত্ত - ৰাজনৈতিক নেতা

'মি টু' আন্দোলনৰ জৰিয়তে চৰ্চালৈ অহা অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু প্ৰসংগত অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মুম্বাই আৰক্ষীৰ ওপৰত একো বিশ্বাস নাই বুলি উল্লেখ কৰি সুশান্ত সিং ৰাজপুতৰ গোচৰ CBI ক অৰ্পন কৰিব লাগে বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Mumbai Police can't be trusted: Tanushree on Sushant's death case
মুম্বাই আৰক্ষীৰ ওপৰত মোৰ বিশ্বাস নাইঃ অভিনেত্ৰী তনুশ্ৰী দত্ত
author img

By

Published : Aug 2, 2020, 6:37 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : 'মি টু' আন্দোলনৰ জৰিয়তে চৰ্চালৈ অহা অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু প্ৰসংগত অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মুম্বাই আৰক্ষীৰ ওপৰত একো বিশ্বাস নাই বুলি উল্লেখ কৰি সুশান্ত সিং ৰাজপুতৰ গোচৰ CBI ক অৰ্পন কৰিব লাগে বুলি উল্লেখ কৰে ৷

অভিনেত্ৰী তনুশ্ৰী দত্তই ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মুম্বাই আৰক্ষীৰ ওপৰত আমাৰ একো বিশ্বাস নাই ৷ আৰক্ষীয়ে এনেকুৱা গোচৰৰ তদন্ত কিছুদিনৰ পিচতে বন্ধ কৰি দিয়া বুলি উল্লেখ কৰে ৷ লগতে, অপৰাধীসকল ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত মূল তদন্তৰ পৰা আঁতৰি অহা বুলি উল্লেখ কৰে ৷ তেওঁ আকৌ উল্লেখ কৰি কয় যে, সংবাদ মাধ্যমত বিষয়টো চৰ্চিত হোৱাৰ বাবে মুম্বাই আৰক্ষীয়ে তদন্ত কৰাৰ নাটক কৰিছে ৷

আনহাতে, অভিনেত্ৰী গৰাকীয়ে উক্ত গোচৰৰ তদন্ত কৰিবলৈ CBI ক গোচৰটো অৰ্পন কৰিবলৈ আহ্বান জনাইছে ৷ কিয়নো এনেকুৱা ঘটনা সমূহৰ লগত এক বৃহৎ দল জড়িত হৈ থকা বুলি উল্লেখ কৰি কয় যে, উচিত তদন্ত আৰু ন্যায়ৰ বাবে CBI ক গোচৰটো অৰ্পন কৰাটো অতি প্ৰয়োজন ৷

ইফালে, অভিনেত্ৰী গৰাকীয়ে নিজৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰি কয় য়ে, তেখেতৰ নিজৰ ক্ষেত্ৰতো মুম্বাই আৰক্ষীয়ে তদন্তৰ এখন নাটক ৰচনা কৰা বুলিও উল্লেখ কৰে ৷ অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা অভিনেত্ৰী গৰাকীৰ গোচৰৰ তদন্ত মুম্বাই আৰক্ষীয়ে সঠিকভাবে নকৰাৰ অভিযোগ উখাপন কৰিছে ৷

লগতে পঢ়ক : পাঞ্জাৱ সুৰা ট্ৰেজেডি : মৃতকৰ সংখ্যা 86 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.