নিউজ ডেস্ক, 13 এপ্ৰিলঃ মুম্বাই আৰক্ষীয়ে দেওবাৰে ধাৰাভী অঞ্চলটো বন্ধ কৰি দিয়ে ৷ মুম্বাইত কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে অঞ্চলটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰক্ষীয়ে ৷ অঞ্চলটোত থকা আৰক্ষীয়ে জনসাধাৰণৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে ৷
বৰ্তমান সময়লৈকে ধাৰভীত 28 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 4গৰাকী লোকৰ মৃত্যু ঘটিছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মহাৰাষ্ট্ৰত 30 এপ্ৰিললৈকে লকডাউন ঘোষণা কৰা হৈছে ৷
মহাৰাষ্ট্ৰত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক 1761 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷