ETV Bharat / bharat

টিআৰপি সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ ৰিপাব্লিকৰ চিইঅ' - মুম্বাই আৰক্ষী

বিপদে লগ এৰা দিয়া নাই অৰ্ণৱ গোস্বামী নেতৃত্বাধীন ৰিপাব্লিক টিভিক । দেওবাৰে টিআৰপি সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হয় ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিকাশ খানচন্দানী ।

ৰিপাব্লিক টিভিৰ চিইঅ'
টিআৰপি গোচৰত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ চিইঅ'
author img

By

Published : Dec 13, 2020, 2:27 PM IST

নিউজ ডেস্ক,‌ ১৩ ডিচেম্বৰ : দেওবাৰে গ্ৰেপ্তাৰ হয় ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ভিকাশ খানচন্দানী । টিআৰপি সংক্ৰান্তীয় গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিকৰ চিইঅ'গৰাকী ।

শেহতীয়াকৈ টিআৰপিক লৈ সংবাদ শীৰ্ষত আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক টিভি । সংবাদ গোষ্ঠীটোৰ মুখ্য সম্পাদক তথা সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠানটোৰ সহকাৰী উপ-সভাপতি ঘনশ্যাম সিং; আটাইকে আইনী প্ৰক্ৰিয়ালৈ আনে মুম্বাই আৰক্ষীয়ে । মুম্বাইৰ এখন আদালতে জামিন গ্ৰাহ্য কৰা সিঙে মুকলি আকাশৰ তললৈ আহিয়ে আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । মুম্বাই আৰক্ষীৰ জিম্মাত সিঙক শাৰিৰীক ভাৱে অপদস্থ কৰা হৈছিল বুলি ৰিপাব্লিক টিভিয়ে বাতৰি সম্প্ৰচাৰ কৰিছে । বিগত ১০ নবেম্বৰত গ্ৰেপ্তাৰ হৈছিল ঘনশ্যাম সিং ।

আনহাতে এইবাৰ একেই টিআৰপি গোচৰত গ্ৰেপ্তাৰ হৈছে ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ভিকাশ খানচন্দানী । ইতিমধ্যে মুম্বাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে খানচন্দানীক ।

লগতে পঢ়কঃ ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.