ETV Bharat / bharat

ডাঃ বি আৰ আম্বেদকাৰৰ "ৰাজগৃহ"ত আক্ৰমণ কৰা আন এজন অভিযুক্ত গ্ৰেপ্তাৰ - বি আৰ আম্বেদকাৰৰ

ডাঃ বি আৰ আম্বেদকাৰৰ বাসগৃহ "ৰাজগৃহ"ত আক্ৰমণ কৰা সন্দৰ্ভত শুকুৰবাৰে মাতুংগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক । ইয়াৰ পূৰ্বেও এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে মাতুংগা আৰক্ষীয়ে ।

ডাঃ বি আৰ আম্বেদকাৰ
ডাঃ বি আৰ আম্বেদকাৰ
author img

By

Published : Jul 10, 2020, 3:08 PM IST

নিউজ ডেস্ক, ১০ জুলাইঃ বিগত ৭ জুলাইত মুম্বাইত ডাঃ বি আৰ আম্বেদকাৰৰ বাসগৃহ "ৰাজগৃহ"ত আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক । শুকুৰবাৰে উমেশ সীতাৰমণ যাদৱ নামৰ অভিযুক্তজক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাৰোপৰি বিগত ৮ জুলাইত ঘটনা সন্দৰ্ভত আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে মাতুংগা আৰক্ষীয়ে ।

আম্বেদকাৰৰ বাসগৃহৰ খিৰিকীৰ আইনা ভঙা আৰু চিচিটিভি কেমেৰাত শিল দলিয়াই ক্ষতিগ্ৰস্থ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ব্যক্তি দুজনক । মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ঘটনা সন্দৰ্ভত আৰক্ষীক প্ৰথমে তদন্ত কৰি অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.