ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, আবদ্ধ 3 শতাধিক বাহন

author img

By

Published : Aug 21, 2020, 7:55 AM IST

জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন ৷ বৃহস্পতিবাৰে হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবেই সংঘটিত ভূমিস্খলনত আবদ্ধ হৈ পৰে প্ৰায় 300 যান-বাহন ৷ ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি সদৰি কৰে জিলা প্ৰসাশনে ৷

আবদ্ধ 3 শতাধিক বাহন
জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

নিউজ ডেস্ক, 21 আগষ্টঃ বৃহস্পতিবাৰে প্ৰৱল বৃষ্টিপাতৰ ফলত জম্মু-কাশ্মীৰত সংঘটিত হয় ভূমিস্খলন ৷ জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভূমিস্খলন ৷ ইয়াৰ ফলত প্ৰায় 300 ৰো অধিক বাহন আবদ্ধ হয় বুলি সদৰি কৰে ৰামবন জিলা প্ৰশাসনে ৷ লগতে এই ভূমিস্খলত কোনো লোক হতাহত হোৱা নাই বুলিও সদৰি কৰে প্ৰশাসনে ৷

জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, আৱদ্ধ 3 শতাধিক বাহন

দেশৰ অন্য প্ৰান্তৰ লগত জম্মু-কাশ্মীৰক সংযোগ কৰা প্ৰায় 270 কিল'মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ত্ৰিশুল মোড়, ব্যাটাৰি চশমা আৰু পানতিয়ালৰ বিভিন্ন অঞ্চল ভূমিস্খলনৰ বাবেই আবদ্ধ হৈ পৰে ৷

আনহাতে, ভূমিস্খলনত আবদ্ধ অঞ্চলটো পৰিস্কাৰ কৰিবলৈ বহু সংখ্যক ব্যক্তি নিয়োগ কৰাৰ উপৰিও মেচিন ব্যৱহাৰ কৰে ৷ আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথটো পৰিস্কাৰৰ বাবে নিয়োগ হোৱা বিষয়ববীয়াই আগন্তুক 5-6 ঘণ্টাৰ ভিতৰত পৰিস্কাৰ কৰা সম্পূৰ্ণ হ'ব বুলি মত ব্যক্ত কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অৰ্থাৎ 13 আগষ্টত হোৱা ভূমিস্খলনৰ ফলত প্ৰায় 200 বাহন আবদ্ধ হৈ পৰিছিল ৷

আৰু পঢ়কঃ দেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.