নেশ্যনেল ডেস্ক, ৩ জুন : লক্ ডাউনৰ বাবে দেশৰ ৰাজধানী দিল্লীত আবদ্ধ বিহাৰৰ লোকক লৈ বুধবাৰে আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিং পাটনা বিমান বন্দৰত উপস্থিত হয় । বিমান বন্দৰত উপস্থিত হৈ সাংসদ গৰাকীয়ে কয় যে, তেওঁ ৰাজ্যসভাৰ সাংসদ আৰু তেওঁলোকে বছৰটোত ৩৪ খন বিমানৰ টিকট লাভ কৰে । সেয়ে তেওঁ সেই টিকটৰ সদব্যৱহাৰ কৰি, ৩৩ গৰাকী আবদ্ধ হৈ থকা বিহাৰৰ লোকক লৈ আনে । বৃহস্পতিবাৰেও শতাধিক শ্ৰমিকক দলটোৰ সদস্য সকলৰ সহায়ত পাটনালৈ পঠিওৱা হ'ব ।
সাংসদ গৰাকীয়ে কয় যে, বিহাৰৰ প্ৰবাসী শ্ৰমিকসকলে বহিঃৰাজ্যত বহুতো সমস্যাৰ সন্মুখীন হৈছে । শ্ৰমিকসলক সহায় কৰাত কোনো কোনো ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰাকৰ বিফল হৈছে । তেওঁ কয়, এই ক্ষেত্ৰত চৰকাৰে দৰিদ্ৰ লোকৰ প্ৰতি থকা তেওঁলোকৰ সমবেদনাহীন মনোভাৱক উদঙাই দিছে । ইয়াৰ ভিতৰত মুজাফৰপুৰ প্লেটফৰ্মত মৃত্যু হোৱা মহিলাগৰাকী আৰু আৰু ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা সেই ৮০ গৰাকী শ্ৰমিকৰ কথা কেতিয়াও পাহৰিব নোৱাৰি ।
ইয়াৰোপৰি তেওঁ কয় যে, বৰ্তমান তেওঁলোকৰ ৰাজনীতি কৰাৰ সময় নহয় । এই সময়ত ৰাজনীতি বাদ দি প্ৰবাসী শ্ৰমিকসকলক কেনেদৰে ঘৰলৈ ঘূৰাই আনিব পাৰি সেই বিষয়েহে গুৰুত্ব দিয়া উচিত ।