ETV Bharat / bharat

আজৱ: গ্ৰন্থাগাৰৰ পৰা আটাইতকৈ অধিক চোৰ হোৱা কিতাপ

author img

By

Published : Jul 26, 2020, 11:23 PM IST

গ্ৰন্থাগাৰৰ পৰা আটাইতকৈ অধিক চোৰ হোৱা কিতাপ খন কি ? তাৰ পাচতেই চোৰ চুৰি হোৱাৰ ক্ষেত্ৰত শীৰ্ষত থকা কিতাপ সমূহ কি কি ? জানিবলৈ চৈওক এই প্ৰতিবেদন...

আজৱ: গ্ৰন্থাগাৰৰ পৰা আটাইতকৈ অধিক চোৰ হোৱা কিতাপ
আজৱ: গ্ৰন্থাগাৰৰ পৰা আটাইতকৈ অধিক চোৰ হোৱা কিতাপ

নেশ্যনেল ডেস্ক, 26 জুলাই: চোৰ কৰা মহাপাপ ৷ সৰুৰে পৰাই নানা কিতাপ পত্ৰৰ পৰা আমি এই নীতিশিক্ষা লাভ কৰি আহিছো ৷ কিন্তু চুৰিৰ পৰা ৰক্ষা নাপালে স্বয়ং কিতাপেই ৷ গ্ৰন্থাগাৰৰ পৰা আৰম্ভ কৰি কিতাপৰ দোকানলৈ ভিন্ন স্থানৰ পৰা হয় কিতাপ চোৰ ৷ এই কিতাপ চুৰিৰ লগত আছে এক চমকপ্ৰদ তথ্য ৷

কিয় কৰে কিতাপ চোৰ ?

কিতাপ পঢ়াতো বহুতৰ বাবে এক নিচা ৷ কোনোৱে আকৌ ভালপায় কিতাপ সংগ্ৰহ কৰি ৷ আকৌ কোনোৱে কিতাপৰ কাহিনীৰ কল্পনা জগতৰ মাজত নিজকে ৰাখি আনন্দ লাভ কৰে ৷ কিন্তু ইয়াৰ মাজতে সংঘটিত হৈ আহিছে কিতাপ চুৰিৰ ঘটনাও ৷ মনোবিজ্ঞানী সকলৰ মতে, কিতাপ চুৰিৰ আঁৰত আছে বহুতৰে কিতাপ পঢ়াৰ নিচা ৷ কিন্তু কেৱল এইটোৱে একমাত্ৰ কাৰণ নহয় ৷ অনেকে আকৌ বহু টকাৰ বিনিময়ত কিতাপ ক্ৰয় কৰিব নোৱাৰিলেও বাছি লয় এই পন্থা ৷

কিতাপ চুৰিৰ তালিকাত কোনবোৰ কিতাপ আছিল শীৰ্ষত ?

এই ক্ষেত্ৰত আছে বহু মতবিৰোধ ৷ নানা গৱেষকৰ নানান মত ৷ ইয়াৰ ভিতৰত সৰহভাগ সমীক্ষাতে এটি নাম উত্থাপন হৈছে সকলোৰে শীৰ্ষত ৷ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডছ ৷ এই কিতাপসমূহত লিপিবদ্ধ হৈ থাকে বিশ্বৰ নানান অভিলেখ ৷ চুৰিৰ তালিকাতো শীৰ্ষত এই কিতাপ ৷ কিতাপ চুৰি বিষয়ত গৱেষণা কৰা ক্যানাডিস হুবাৰৰ মতে, গ্ৰন্থাগাৰৰ পৰা আটাইতকৈ অধিক চোৰ হয় এই অভিলেখ সন্নিবিষ্ট কিতাপ ৷ ইয়াৰ পাচতে শীৰ্ষত আছে বাইবেল ৷

হুবাৰৰ দ্বাৰা প্ৰকাশিত এখন আলোচনীত আটাইতকৈ অধিক চোৰ হোৱা সাত প্ৰকাৰৰ কিতাপৰ উল্লেখ আছে ৷ তাৰ ভিতৰত শীৰ্ষ তিনিটা স্থানত আছিল ক্ৰমে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডছ, বাইবেল আৰু এক্জাম প্ৰিপাৰেশ্যন বুক ৷ অৰ্থাৎ পৰীক্ষা প্ৰস্তুতি সম্পৰ্কীয় কিতাপ ৷ চতুৰ্থতে আছে যৌনতা সম্বন্ধীয় কিতাপসমূহ ৷

কিছু ক্ষেত্ৰত বিদেশৰ নানা বিশ্ববিদ্যালয়ৰ কিতাপসমূহ চোৰ কৰি নিয়ে শিক্ষাৰ্থী সকলে ৷ কাৰণ সেই কিতাপসমূহ হয় যথেষ্ট ব্যয়বহুল ৷ এই ক্ষেত্ৰত ষষ্ঠ স্থানত আছে ভিন্ন শিল্প-সাহিত্য বিষয়ক মূল্যবান কিতাপ ৷ সপ্তমত অলৌকিক বিষয় বা ভূত-প্ৰেত চৰ্চা সম্বন্ধীয় কিতাপ ৷ কেৱল গ্ৰন্থাগাৰতে নহয় বহু কিতাপৰ বিপণীৰ পৰাও হয় কিতাপ চুৰি ৷

লগতে পঢ়ক: আজৱ: গালি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল এটা ভাটৌৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.