ETV Bharat / bharat

চীন আৰু ভাৰতৰ মাজত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ সভা

author img

By

Published : Oct 12, 2019, 1:35 PM IST

ভাৰত আৰু চীনৰ মাজত প্ৰতিনিধি পৰ্য়ায়ৰ বৈঠক ৷ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লোৱা হ'ব সিদ্ধান্ত ৷

আন্তৰ্জাতিক আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে মিলিত ভাৰত আৰু চীনৰ শীৰ্ষ নেতা দুগৰাকী

নিউজ ডেস্ক,12 অক্টোবৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত অনুষ্ঠিত হৈ থকা অনানুষ্ঠানিক শীৰ্ষ সন্মিলনৰ শনিবাৰে দ্বিতীয় দিন ৷ এই দ্বিতীয় দিনা দুয়োগৰাকী শীৰ্ষ নেতাই চেন্নাইৰ সমুদ্ৰতীৰত অৱস্থিত মামাল্লাপুৰ চহৰত এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয় ৷

modi-xi-summit-live-delegation-level-talk-between-india-china-begins
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিন পিঙৰ মাজত অতি গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক সচিব বিজয় কে গোখলেই জনোৱা মতে, এই বৈঠকত আন্তৰ্জাতিক আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা আগবঢ়োৱা হ'ব ৷ উভয় পক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত হোৱা অনানুষ্ঠানিক শীৰ্ষ সন্মিলনৰ ফলাফল পৃথক পৃথক বিবৃতিযোগে ঘোষণা কৰিব ৷ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাচত দুয়োগৰাকী নেতাই মুখামুখি বৈঠকত বহিব ৷

  • Plogging at a beach in Mamallapuram this morning. It lasted for over 30 minutes.

    Also handed over my ‘collection’ to Jeyaraj, who is a part of the hotel staff.

    Let us ensure our public places are clean and tidy!

    Let us also ensure we remain fit and healthy. pic.twitter.com/qBHLTxtM9y

    — Narendra Modi (@narendramodi) October 12, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই বৈঠকত জনগণৰ পৰা জনগণলৈ সম্পৰ্ক,বাণিজ্যিক সম্পৰ্ক বৃদ্ধি, ভাৰত আৰু চীনৰ মাজত থকা 3500 কিলোমিটাৰ দৈৰ্ঘৰ সীমান্তত শান্তি আৰু বুজা-পৰা বৰ্তাই ৰখাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব ৷

দুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে বেইজিঙত বৈঠকত মিলিত হৈছিল চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷ পাকিস্তানৰ সৈতে হোৱা এই আলোচনাৰ পাচত দিয়া এক যৌথ বিবৃতিত চীনে কাশ্মীৰৰ বিষয়ৰ ওপৰত গভীৰ মনোযোগ দিয়া বুলি উল্লেখ কৰা হৈছিল ৷ লগতে ৰাষ্ট্ৰসংঘৰ চনদৰ ভিত্তিত বিষয়টোক উত্থাপন কৰি যথাযথ আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত বুলিও জনাইছিল ৷ ইয়াৰ ফলত ভাৰতৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

উভয় পক্ষৰ বিষয়ববীয়াই জনোৱা মতে, এই শীৰ্ষ সন্মিলনত আলোচনা হ'বলগীয়া বহু বিষয়ত দুয়োখন দেশৰ মাজত তীব্ৰ পাৰ্থক্য থাকিলেও বুজা-পৰাৰে উন্নতিৰ বাটৰ সন্ধান কৰা হ'ব ৷

Intro:Body:

Modi-Xi summit LIVE: Delegation level talks to be held in Chennai

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.