ETV Bharat / bharat

কৰ’ণা ভাইৰাছ: মোডীৰ আহ্বান নমস্কাৰৰ অভ্যাস কৰক ! - জনঔষধি দিৱস

কৰ’ণা ভাইৰাছৰ ভুৱা প্ৰচাৰৰ পৰা বাছি থকাৰ লগতে নমস্কাৰৰ অভ্যাস কৰিবলৈ আহ্বান নৰেন্দ্ৰ মোডীৰ ৷ জনঔষধি দিৱস উপলক্ষ্য ভিডিঅ’ কনফেৰেন্সৰ জৰিয়তে সম্বোধন কৰি ভুৱা প্ৰচাৰৰ পৰা বাছি থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ভাৰতৰ 728 জিলাত আৰম্ভ কৰা হৈছে 700 জনঔষধি কেন্দ্ৰ ৷

janaushadhi kendras, কৰ’ণা ভাইৰাছ: মোডীৰ আহ্বান নমস্কাৰৰ অভ্যাস কৰক !
কৰ’ণা ভাইৰাছ: মোডীৰ আহ্বান নমস্কাৰৰ অভ্যাস কৰক !
author img

By

Published : Mar 7, 2020, 4:51 PM IST

নিউজ ডেস্ক, 7 মাৰ্চ: কৰ’ণা ভাইৰাছৰ ভুৱা প্ৰচাৰৰ পৰা বাছি থকাৰ লগতে নমস্কাৰৰ অভ্যাস কৰিবলৈ আহ্বান নৰেন্দ্ৰ মোডীৰ ৷ জনঔষধি দিৱস উপলক্ষ্য ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰি ভুৱা প্ৰচাৰৰ পৰা বাছি থাকিবলৈ আহ্বান জনোৱাৰ লগতে ক্ৰীড়াৰ সৈতে শিশুক জড়িত কৰাৰো আহ্বান জনায় পিতৃ-মাতৃক ৷ ভাৰতৰ 728 জিলাত আৰম্ভ কৰা হৈছে 700 জনঔষধি কেন্দ্ৰ ৷

জনঔষধি দিৱস উপলক্ষ্যে জনঔষধি কেন্দ্ৰসমূহত উপস্থিত থকা লোকক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই ভিডিঅ’ কনফাৰেন্সত কৰ’ণা ভাইৰাছকলৈ চলি থকা ভুৱা প্ৰচাৰত ভুল নাযাবলৈ আহ্বান জনোৱাৰ লগতে বিশ্ববাসীয়ে নমস্কাৰ কৰাৰ অভ্যাস কৰি আছে গতিকে সকলোকে নমস্কাৰ কৰিবলৈ আহ্বান জনায় ৷ এই অভ্যাস বহুতে পৰিহাৰ কৰিছিল যদিও এইয়াই উচিত সময় পুনৰ এই অভ্যাস প্ৰৱৰ্তন কৰাৰ বুলি উল্লেখ কৰে মোডীয়ে ৷

মোডীৰ আহ্বান নমস্কাৰৰ অভ্যাস কৰক

কেইটামান গুৰুত্বপূৰ্ণ কথাঃ

  • জনঔষধি পৰিযোজনা জম্মু-কাশ্মীৰত ফলপ্ৰসূ হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য পাৰ্বতীয় অঞ্চলত আৰু আদিবাসী ক্ষেত্ৰীয় অঞ্চলটো এই পৰিযোজনা বিস্তাৰ কৰিব লাগিব ৷
  • প্ৰধানমন্ত্ৰী জনঔষধি পৰিযোজনাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকেই উপকৃত হৈছে ৷ দুখীয়া আৰু মধ্যৱৰ্তী শ্ৰেণীৰ লোকে অত্যাধিক লাভাম্বিত হৈছে ৷
  • 1000 হাজাৰতকৈ অত্যাধিক অত্যাৱশকীয় ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ জৰিয়তে ৰোগীৰ 12,500 কোটি টকা ৰাহি হৈছে ৷ এই আঁচনীৰ অধীনত গাঁৱে-গাঁৱে আধুনিক চিকিৎসা আৰু ৱেলনেছ চেণ্টাৰ বনোৱা হৈছে ৷ বৰ্তমানলৈকে 31 হাজাৰতকৈ অধিক চেণ্টাৰ খোলা হৈছে ৷
  • বৰ্তমানলৈকে দেশত 6 হাজাৰতকৈ অধিক জনঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে ৷
  • বৰ্তমান 6200 খন জনঔষধি কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ য’ত বিভিন্ন ৰোগৰ ঔষধ দিয়াৰ লগতে বিভিন্ন অস্ত্ৰোপ্ৰচাৰ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৷ 1 ৰ পৰা 7 মাৰ্চলৈ এই জনঔষধি সপ্তাহ পালন কৰা হ’ব ৷ ভাৰতৰ মুঠ 728খন জিলাত 700 টা জনঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে ৷

লগতে চাওক- প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.